কবিতাৰ শৰীৰ
নীলিম কুমাৰ
কবিতা এটা লিখিম বুলি লৈছিলোঁ, এনেতে
কাপোৰ নিপিন্ধা ছোৱালীজনী আহি ওলাল
তাইক ক'লো
তেনেহলে তোমাৰ কবিতাই লিখিম কোৱাচোন নিপিন্ধা কিয় কাপোৰ?
লাজ লাগে
তাই ক'লে
সুধিলোঁ
ই কেনে কথা?
তাই ক'লে
তোমালোকে নাঙঠ হ'বলৈ লাজ কৰা
মই কাপোৰ পিন্ধিবলৈ,
আমিলটো হৃদয়ৰ
তোমাৰ হৃদয়নো কিহৰ ?
তাই ক'লে
হৃদয় মাটিৰ
শৰীৰ মাটিৰ
ময়েই মাটি
কবিতা লিখিম বুলি লৈছিলোঁ মাটি খান্দি শব্দবোৰ আনি
এনেতে কাপোৰ নিপিন্ধা মাটিৰ ছোৱালীজনী আহি ক'লে
নাখান্দিবা মাটি
নাখান্দিবা মাটি
Doksiri দকচিৰি, জুলাই, ২০২৩
No comments:
Post a Comment