Mising শব্দৰ বানান আৰু উচ্চাৰণ সম্পর্কে
ড° নাহেন্দ্ৰ পাদুন
যোৱা কিছু দিন ধৰি (আন কি কেবা বছৰো বুলিব পাৰি) Mising শব্দটোৰ বানান আৰু উচ্চাৰণক লৈ মিচিং লেখকসকলৰ মাজত নানান বিভ্ৰান্তিকৰ মন্তব্য আৰু বিৰূপ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এই সমস্যাটো উদ্ভৱ হৈছে কম্পিউটাৰ আৰু স্মার্ট মোবাইল ফোনত মিচিং শব্দটো টাইপ কৰাৰ প্ৰসংগত। সাধাৰণভাৱে লিখিত ৰূপত ইয়াৰ কোনো সমস্যাৰ উদ্ভৱ হোৱা নাছিল। প্ৰযুক্তিবিদ্যাৰ ন ন কৌশলৰ ভিতৰত ইংলিছ ভাষাক যন্ত্ৰত স্বয়ংক্রিয়ভাৱে লিখাৰ প্ৰণালীও প্রয়োগ কৰা হৈছে। সেই কাৰণে ইংলিছ ভাষাৰ শব্দ টাইপ কৰোঁতে, প্ৰথম দুটা আখৰ টাইপ কৰাৰ লগে লগে শব্দটোৰ লগত সাদৃশ্য থকা সম্ভাব্য শব্দবোৰ স্বয়ংক্রিয়ভাৱে ওলাই আহে। তাৰে প্ৰয়োজনীয় শব্দটোক টিপা মাৰি দিলেই টাইপ কৰিব খোজা শব্দটোৱে পূর্ণতা লাভ কৰে। এই ব্যৱস্থাটো স্মার্ট মোবাইল ফোনত বেছিকৈ ব্যৱহাৰ হয়। যেনে -
(ক) আমি টাইপ কৰিব খুজিছোঁ Mising শব্দটো। ইয়াৰে প্ৰথম দুটা আখৰ mis টাইপ কৰাৰ লগে লগে তাৰ ওচৰত সম্ভাব্য শব্দ missing, mislead, mistake আদি শব্দ আপোনা আপুনি ওলাই আহিব। Mising / mising ওলাই নাহে। কিয়নো ই ইংলিছ শব্দ নহয়। তাত ইংলিছ ভাষাৰ শব্দহে বিকল্প হিচাপে ওলাব। এয়া হৈছে প্রযুক্তিবিদ্যাৰ automation পদ্ধতি। এই অট'মেশ্বন পদ্ধতিত আন ভাষাৰ শব্দই গঢ় নলয়। এই কথাবোৰ নজনাৰ ফলত বহুতে নানা ধৰণৰ আপত্তি দৰ্শাই Mising ক missing কৰিব লাগে বুলি ওভট গোৰে নাচিবলৈ আৰম্ভ কৰে।
(খ) আনটো বিষয় হ'ল স্বয়ং-উচ্চাৰিত অভিধান ( Auto-Pronounciation Dictionary)। ইংলিছ ভাষাৰ লগতে আন বহু ভাষাৰ (যেনে– ৰুছ, জার্মান; আনকি আমাৰ অৰুণাচলৰ প্ৰদেশৰ আপাটানি ভাষা পর্যন্ত) উচ্চাৰণ থকা অভিধান কম্পিউটাৰ বা মোবাইলত পোৱা যায়। গতিকে শব্দবোৰৰ সঠিক উচ্চাৰণ সহজে আয়ত্ব কৰিব পাৰি। ইংলিছ ভাষাৰ স্বয়ংউচ্চাৰিত অভিধান কেবাটাও 'এপ'ত পোৱা যায়।
ইংলিছ ভাষাৰ উচ্চাৰণৰ এই কেইটা কথা মন কৰিব লগীয়াঃ
(১) ইংলিছ ভাষাৰ স্বৰ ধ্বনিবোৰ মুখ্য (Primary) আৰু গৌণ (Secondary) এই দুই প্ৰকাৰৰ উচ্চাৰণত ব্যৱহাৰ কৰা হয়।
মুখ্য উচ্চাৰণঃ A (এ, এ্য, এই), E (ই), I (আই), O (ও), U (ইউ, য়ু)। ইংলিছ বর্ণমালা পঢ়োঁতে এই মুখ্য উচ্চাৰণেৰে পঢ়া হয়। তদুপৰি ইংলিছ শব্দত – ব্যঞ্জন + স্বৰ +ব্যঞ্জন+ স্বৰ (CVCV ) পৰিৱেশত থাকিলে শব্দটোৰ উচ্চাৰণ মুখ্য ৰূপত থাকে।
গৌণ উচ্চাৰণঃ A(এ,এই,আ), E (এ), I (ই), O (ও), U (উ)। ইংলিছ শব্দত ব্যঞ্জন+ স্বৰ +ব্যঞ্জন (CVC ) এই পৰিৱেশত থাকিলে শব্দবোৰৰ উচ্চাৰণ গৌণ হয় ।
উদাহৰণঃ
মুখ্য উচ্চাৰণ গৌণ উচ্চাৰণ
Made (মেইড) Mad (মেড)
Metre (মিটাৰ) Met (মেট)
Pine (পাইন) Pin (পিন)
Code (কোড) Toll (ট'ল)
Pure (পিউৰ) Put (পুট)
এইদৰে আনবোৰ ইংলিছ শব্দবোৰৰ উচ্চাৰণো ৰিজাই চাব পাৰি। অৱশ্যে আন ভাষাৰপৰা ইংলিছলৈ অহা শব্দৰ ক্ষেত্ৰত এই নিয়ম নাখাটে।
(২) এতিয়া আমাৰ সমস্যাটো হ'ল Mising শব্দটোক লৈ। এইটো মিচিং ভাষাৰহে শব্দ। ইংলিছ ভাষাত Mising শব্দ নাই। ৰোমান আখৰত লিখাৰ বাবে বহুতে ইংলিছৰ লগত তুলনা কৰি কথাবোৰ কয় বা ক'বলৈ যত্ন কৰে। ৰোমান আখৰত লিখাৰ বাবে মোবাইলৰ স্বয়ংক্রিয় অভিধানত উচ্চাৰণটো বিচাৰিলে – ওপৰত দিয়া মুখ্য উচ্চাৰণৰ দৰে Mising উচ্চাৰণ 'মাইচিং' বা 'মাইজিং' হ'ব। কাৰণ ইয়াত consonant + vowel+ consonant+vowel+ ( consonant) আছে। কাৰণ এইটো ইংলিছ ভাষাৰ উচ্চাৰণৰ লক্ষণ। কিন্তু প্রকৃততে শব্দটো মিচিং ভাষাৰহে । গতিকে ইয়াত ইংলিছ উচ্চাৰণৰ নিয়ম নাখাটে।
মিচিং আগম কৗবাঙে মিচিং ভাষাৰ কাৰণে ৰোমান লিপিটোহে গ্ৰহণ কৰিছে। ৰোমান লিপি ব্যৱহাৰ কৰা ইংলিছ ভাষাৰ উচ্চাৰণটো লোৱা নাই। গতিকে এই বিষয়টো লৈ লেখক-পাঠকসকলে কেতিয়াও আউল লগাই নল'ব।
(গ) Mising / Misíng উচ্চাৰণঃ
মিচিং লেখকসকলে মিচিং আখৰেৰে লিখিবলৈ লৈছে যদিও মিচিং ভাষাটোৰ বিষয়ে চৰ্চা আৰু অধ্যয়ন একেবাৰে কৰা নাই যেন লাগে। সৰহ ভাগেই আখৰ আৰু বানানৰ সমস্যাৰ পৰা এখোজো আগুৱাই আহিব পৰা নাই। মিচিং ভাষাৰ উৎপত্তি, বর্গ বিভাজন, ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক পৰিৱৰ্তন, প্রত্যয়ৰ যোগাত্মক (agglutinating) লক্ষণ এইবোৰৰ বিষয়ে উমঘামেই পোৱা নাই। (এই বিষয়টো অধিক দীঘলীয়া নকৰি আচল বক্তব্যলৈ আহিব খুজিছোঁ।)
মিচিং ভাষাটোৰ আদি স্তৰ বা প্ৰত্ন ৰূপ (পাঃদাম, পাঃচি, মিঞং আৰু আঃবাঙৰ ভাষা)ৰ পৰা বিভাজিত হৈ আহোঁতে দুটা প্রধান ভাগত বিভক্ত হৈছে। (ক) অদ্বিত্ব বর্ণীয় (None Geminative ) আৰু (খ) দ্বিত্ববৰ্ণীয় (Geminative)।
অদ্বিত্ব বর্ণীয় শাখাত – পাঃদাম, চাঃয়াং, মঃয়িং আৰু চঃমুৱাং ভাষা পৰে।
দ্বিত্ব বর্ণীয় শাখাত – পাগ্ৰ, দৗলু, অয়ান আৰু দাম্বুগ ভাষা।
এই দুটা শাখাৰ উপভাষাবোৰৰ (ইয়াত ভাষাৰ পৰা উপভাষালৈ অনা হৈছে) মাজৰ প্ৰধান পার্থক্যটো হৈছে যে আদি ৰূপ বা প্রত্ন ৰূপৰপৰা আহোঁতে অদ্বিত্ব বর্ণীয় শাখাত শব্দৰ বিশেষ পৰিৱৰ্তন হোৱা দেখা নাযায়। কিন্তু দ্বিত্ত্ব বর্ণীয় শাখাত ইমানেই পৰিৱৰ্তন হয় যে কেতিয়াবা ইয়াৰ শব্দৰ মূল ৰূপটো বিচাৰি উলিয়াবলৈ কঠিন হৈ পৰে। তাৰে উল্লেখযোগ্য দুটামান (গোটেইবোৰ ইয়াত আলোচনা কৰিব পৰা নাযাব) উদাহৰণ হ'ল-
(১) প্রথমা বিভক্তি é আৰু ইতিবাচক ক্রিয়া যোগ হ'লে শব্দৰ প্ৰত্যন্ত অক্ষৰৰ ব্যঞ্জনটো দ্বিত্ব হয়। যেনে -sité+é sitté, asi+é >assé, atsé; doné+é >donné, gíné + é>donné ইত্যাদি।
(২) এই শাখাৰ শব্দবোৰৰ স্বৰ আৰু ব্যঞ্জনৰ সমীভৱন যথেষ্ট হয়। (আমাৰ কিতাপবোৰত ইয়াৰ উদাহৰণ অনেক দিয়া আছে)।
(৩) এই শাখাৰ শব্দত (বিশেষকৈ শব্দৰ প্ৰথম অক্ষৰত) s, j, ny,y ৰ পিছত e আৰু i ধ্বনিৰ উচ্চাৰণ যোগ নহয়। তাৰ পৰিৱৰ্তে é আৰু í যোগ হয়। যেনে, প্ৰ, ৰূঃ kaje > kajé, si>sé, ésing > ísíng, míjing > míjíng, ansing >ansíng, do:ying >do:yíng ইত্যাদি।
এনেকুৱা পৰিৱৰ্তনৰ বাবেই দ্বিত্ববৰ্ণীয় উপভাষাসমূহত Mising শব্দটো Misíng হিচাপে উচ্চাৰণ কৰে। এনে পৰিৱৰ্তনক ভাষাতত্ত্বত মূলৰ অপভ্রংশ বুলি কোৱা হয়। ই ভাষাৰ পৰিৱৰ্তনৰ ধাৰাহে। ইয়াত ভুল শুদ্ধৰ কথা নাই। বহুতে Mising টো মূল শব্দ বুলি দাবী কৰিব খোজে। কিন্তু আচলতে সেয়া নহয়। প্রত্ন ৰূপত অর্থাৎ পাঃদাম, পাঃচি, পাঙ্গি, মিঞং, চাঃয়াং আদি সকলো ভাষা-উপভাষাতে Mising শব্দটোহে ব্যৱহাৰ হয়। বিগত তিনি চাৰিটা দশকত কেবা গৰাকীও বিদেশী ভাষা বিশেষজ্ঞই ৰচনা কৰা গৱেষণা গ্ৰন্থত Mising শব্দটোকেই নিশ্চিতভাৱে প্ৰয়োগ কৰিছে। তেওঁলোকে ক'তো Misíng শব্দ প্ৰয়োগ কৰা দেখা নাই ।
No comments:
Post a Comment