মনালিছা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

মনালিছা

 মনালিছা

অনিতা মেধি মিশ্র

বঙাইগাঁও


মানুহৰ লানি নিচিনা সোঁত বৈছে ।আত্মাৰ 

খিৰিকি খুলি মানুহবোৰে

চাব খুজিছে ভাৱনাৰ

প্ৰতিটো ৰেখাৰ সুশৃংখলিত বিন্দু। 


কিমানেই চুই চালে

কিমানেই শুদা হাতে উভটিলে

কোনে ৰাখিছে খতিয়ান? 


অদৃশ্য ৰেখাৰ বাহুবন্ধনত

নিৰলে গাঢ় হয়

ছবি, কবিতাৰ অন্তৰংগতা। 

শতিকাৰ পাছত শতিকাৰ কৌতুহলী যাএাই

সামৰিব পৰা নাই

লুভ্য মিউজিয়ামৰ নিৰলংকাৰ পৰিতৃপ্তি। 


শেলুৱা চকুৰ শেষ বিন্দুত

বিৰিঙে যুগজয়ী প্ৰশান্তি


শিল্পী বিজ্ঞানৰ অনিৰুদ্ধতাত

কেনভাছে ধৰি ৰাখিছে

ৰহস্যঘন মনালিছাৰ হাঁহি। 


Doksiri দকচিৰি, জুলাই, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages