গজল
সঞ্জীৱ সাগৰ চৌধুৰী
আজিৰ পৰাই মই শিলাকুটী হৈ যাব বিছাৰোঁ
এটুকুৰা শিলক প্ৰতিমা সজাব বিছাৰোঁ
কবিতাৰে নোৱাৰিলোঁ আজিলৈ বৰফেই গলাব
মই অঁকৰাই শিলৰ পৰা নৈ বোৱাব বিছাৰোঁ(?)
কিমান কৰিম আৰু সেই নিৰাকাৰৰ পূজা
ঈশ্বৰৰ শপত মই মোৰ ঈশ্বৰ সলাব বিছাৰোঁ
চলি আছে যুগ যুগ মৌনতাৰ সেই একেটাই ঋতু
এইবাৰ এই শৰতক বিদায় জনাব বিছাৰোঁ
এনে নহয় যে উজ্জ্বলি উঠিব পৃথিৱী গোটেই
আশাৰ বেদীত অন্ততঃ এটি চাকি জ্বলাব বিছাৰোঁ
কি ঠিক এই গজলেই হ'ব পাৰে শাণিত হাথিয়াৰ
যেনেকৈ নহওক শিলক জীয়াই ৰাখিব বিছাৰোঁ।
Doksiri দকচিৰি, জুলাই, ২০২৩

No comments:
Post a Comment