এটি সেউজ সাঁথৰ
দীপিকা ফুকন
চুঙাজান, গোলাঘাট
কবিতা নামৰ এটি সেউজ সাঁথৰ
স্তব্ধতাৰ নিশাহত আহত
তপত তেজৰ সোঁত
উদাসী সুখত নিস্তেজ ওঁঠ
কবিতাই শুনায় মাথো নিজৰ গান
চোতাল গৰকা জোনাকবোৰে
কাণ পাতি শুনে সেই দীঘল সুৰ
এটি নিজম ৰাতিৰ স্বপ্নই
ছন্দৰ সংযম ভাঙি
বিৰ দি গুচি যায়
গাৰ ছাঁ সামৰি।।
Doksiri দকচিৰি, জুলাই, ২০২৩

No comments:
Post a Comment