গোপন প্ৰেমৰ প্ৰতিচ্ছবি
লহৰজ্যোতি মৰাণ
নিভাজ কোণৰ ৰাতি
গোপনে আঁকো ছবি
আছিলা তুমি চাই
তোমাক মৰমবোৰ
গোপনে দিছিলো ধিয়াই।
পাহৰা নাই মৰমবোৰ
পাহৰা নাই ভাগৰবোৰ
হেৰুৱা নাই শব্দবোৰ
হেৰুৱা নাই ভাষাবোৰ।
গোপন প্ৰতিচ্ছবি
সংগোপনে ইতিহাস
ৰচিছিলো আমি!
নিজান ৰাতি
আন্ধাৰ ফালি
একাকাৰ কৰি
উটি-ভাঁহি ফুৰিছিলো
যৌৱনৰ সপোন পুৰিত!
য'ত আছিল!
তোমাৰ-মোৰ,
কল্পনাৰ দাপোনৰ,
কেৱল গোপন প্ৰতিচ্ছবি।
Doksiri দকচিৰি, জুলাই, ২০২৩

No comments:
Post a Comment