মই যেতিয়া ডাঙৰ হ'ম
দৰ্শনা গোস্বামী
মই যেতিয়া ডাঙৰ হম
চন্দ্রলৈ উৰা মাৰিম
পৃথিবীৰ গ্ৰহ নক্ষত্র ৰ লগত
খেলাধুলা কৰিম
৮টা গ্রহৰ উপৰত গবেষণা কৰিম
কোন গ্রহৰ কিমান শক্তি
মোৰ জ্ঞানে জুখিম
বিদ্যা ৰ পৰা বুদ্ধি লভিম
আৰু লভিম জ্ঞান
চন্দ্রৰ পোহৰেৰে
যেনেকৈ আকাশ পোহৰাই
জ্ঞানৰ বন্তিৰে মই পোহৰাম
মোৰ জন্ম ভুমি খনি।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment