পাৰিলে আজিয়েই সুধিব আপোনাৰ আইক কেনে আছে তেওঁ
কনমইনা দাস
যোৰহাট
আখলত ৰঙাকৈ জুইকুৰা কেৱল আইয়ে কিয় জ্বলাব লাগে
আইৰ ৰেহাই নাথাকে নেকি
আইৰ ভাগৰুৱা কলিজাৰ জিৰণি প্ৰয়োজন নহয় নেকি
ওৰে জীৱন নিজস্ব সৰ্বোচ্চ উজাৰি কেৱল ঘৰখনৰ বাবে, পৰিয়ালটোৰ বাবে, সমাজখনৰ বাবে আনক আপ্যায়ন কৰাত সকলো মূৰপাতি কিয় ল'ব লগা হৈছে
আমিও কোনোদিনে আইজনীৰ মনৰ কথা,প্ৰাণৰ স্পন্দন, বুকুৰ বিননি শুনিবলৈ উঠি পৰি লগা নাই কিয়
পাকে প্ৰকাৰে নিজৰ সুখত বৈ পৰিবলৈ আইৰ সুখৰ ভাগ কাঢ়ি লৈছোঁ
দিনটো আৰম্ভণি হোৱাৰ পৰা শোৱাপাতিত উঠালৈকেচোন কেৱল কাম আৰু কাম
হয়তো টোপনিতো ব্যস্ত হৈ পৰে আনটো দিনৰ প্ৰস্তুতিত।
আমি ইমান নিষ্ঠুৰ হ'বলৈ লৈছোঁনে
আইজনীৰ দুখ সুখৰ বতৰা এটিও ল'বলৈ এৰি দিছোঁ
কথাবোৰ কোনে শুনিব,কোনে ক'ব আইজনীৰ হৈ
আইজনীৰ বাবে সময় কেতিয়া হ'ব মানুহৰ
ভাবিলে ভয়লগা দেখোন
উশাহ-নিশাহ একেবাৰে বন্ধ হোৱাৰ দৰে হয়
আইয়ে আমাক,আমাৰ জীৱনক সজাই পৰাই নিতুল ৰূপ দিছে
জীৱনক ভালপোৱাৰ সঞ্জীৱনী দিছে
অথচ আইজনীক আমি বুকুৰ ভিতৰৰ পৰাই তুলি লব পৰা নাই
আজলী আইজনীৰ বাবে আপুনি মই সলনি কেতিয়া হ'ম
কেতিয়া বুজিম আইৰ ওমাল বুকুৰ মাজেৰে বৈ পৰা ব্যস্ত নৈৰ হা -হুমুনিয়া
আপুনি মই এদিন আইজনীক মুক্তি দিব লাগিব
মুকলি আকাশৰ নীলাভ শুভ্ৰতাবোৰ বুটলি ল'বলৈ বন্ধ কোঠা খুলি দিব লাগিব
আইজনীক এবাৰ সামৰি ল'বলৈ আমি কিয় প্ৰয়াস কৰা নাই
কিয় সলনি হোৱা নাই আমাৰ মন মগজুৰ পৌৰাণিক আখ্যান
সংকল্প ল'ব পাৰিব জানো মানুহে আইৰ বাবে
সলনি কেতিয়া হ'ব
পৰিৱৰ্তনৰ শ্ল'গানে হাতে কামে ঠাই কেতিয়া ল'ব
মই অপেক্ষা কৰিলোঁ আপোনালৈ
আইৰ কুশল বাৰ্তা এটা লৈ জনাবচোন কেনে আছে তেওঁ...
পাৰিলে আজিয়েই সুধিব আপোনাৰ আইক কেনে আছে তেওঁ…
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment