লাইকা-দধিয়াৰ পুনৰ সংস্থাপন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 6, 2023

লাইকা-দধিয়াৰ পুনৰ সংস্থাপন




 

লাইকা-দধিয়াৰ পুনৰ সংস্থাপন


খগেন পেগু


      আজি কিছু বছৰৰ আগৰ পৰা লাইকা-দধিয়া এটা বিখ্যাত নাম৷ তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ উপকণ্ঠৰ এটা চৰ-চাপৰি অঞ্চল লাইকা-দধিয়া৷ 1950 চনৰ বৰ ভূমিকম্পৰ সময়ত ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি হোৱাত উত্তৰপাৰৰ বিভিন্ন অঞ্চলৰ লোক দক্ষিণলৈ স্থানান্তৰ হৈ যায়৷ তাৰ ফলত গঢ় লয় লাইকা-দধিয়া অঞ্চল৷ সিদিনা কোনোবা টি ভি চেনেলত দেখা পোৱা মতে, এই কেইদিনত সেই অঞ্চলৰ ছয়-সাতখন সৰু-বৰ গাঁৱৰ ৰাইজ একপ্ৰকাৰ দ্বীপান্তৰ হৈ পানীৰ ওপৰত উপঙি আছে৷

       ব্ৰহ্মপুত্ৰৰ পাৰত থকা বাবে লাইকা-দধিয়া বছৰি বছৰি বানপানীৰে বিধ্বস্ত হৈ আহিছে৷ তাতে পানী শুকাই যোৱাৰ পিছত আকৌ গঢ়া খহনীয়াৰ কৰাল গ্ৰাস৷ তেওঁলোকৰ ঘৰ-বাৰী আৰু পথাৰ-সমাৰৰ মাটি-বাৰীবিলাক সংকুচিত হৈ এতিয়া প্ৰায় নাইকিয়া হোৱাৰ নিচিনা৷

       কিছু বছৰৰ আগৰ পৰা বানপানীত উপঙি উঠাৰ সময়ত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈ আহিছে৷ তেওঁলোকৰ খেতি-বাতি, ঘৰ-সম্পত্তি আৰু পশুধন বাৰিষাৰ পানীত ডুবি গৈছে আৰু পলসৰ বালিত পোত গৈ উছন্ন হৈ যায়৷ উপঙি উঠা বানপানীত যিখিনি ডুবি নাযায়ো সেইখিনিও পানীৰ সোঁতত উটি যায়৷ সেয়ে পানী শুকাই যোৱাৰ পিছত মানুহবিলাকৰ একপ্ৰকাৰ খাবলৈ-পিবলৈ নোপোৱা কঙাল অৱস্থা আহি পৰে৷ তাৰ উপৰি বাৰিষাৰ পিছত কিছুমান অচিন বেমাৰত আক্ৰান্ত হৈ বিভিন্নজনে আনকি নিজকেই চম্ভালিব নোৱাৰা এটা পৰিস্থিতিৰ উদ্ভৱ হয়৷

        বছৰি বছৰি TMPK(Takam Mising Porin Kébang, অৰ্থাৎ সদৌ মিচিং ছাত্ৰসন্থা) আদি বিভিন্ন দল-সংগঠনে বিভিন্নফালৰ পৰা আহি বাৰিষাত দুৰ্গত অসহায় মানুহবিলাকক কিছু সহায়ৰ হাত আগবঢ়ায়৷ সিদিনা কিছুদিন আগতে Social media(সামাজিক মাধ্যম) মিচিং আগম, আবুতানী কুমদাং আদিৰ পৰা Grace we are one familyৰ যোগেদি আমিও কিছু সাহায্য আগবঢ়াইছিলোঁ৷ পিছে তেনেকৈ তেওঁলোক কিমানদিন পানীৰ লগত যুঁজি থাকিব? কোনোবা দল-সংগঠনে দিয়া অকণমানি সাহায্যৰে সদায়তো জীয়াই থাকিব নোৱাৰে! সেয়ে আজি পুনৰ সংস্থাপনৰ দাবীত বান-বিধ্বস্তৰে জুৰুলা আৰু সৰ্ব্বহাৰা তেওঁলোকে ঘৰ-বাৰী এৰিবলৈও বাধ্য হৈছে৷

        তাতে আকৌ কিছু বছৰ আগৰ পৰা ভূতৰ ওপৰত দানহ পৰাৰ দৰে মাজতে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য অঞ্চলৰ সম্প্ৰসাৰণৰ বাবে ফৰেষ্ট ডিপাৰ্টমেণ্টে, অৰ্থাৎ অসম চৰকাৰে তেওঁলোকলৈ Eviction Notice(উচ্ছেদৰ জাননী) পৰ্যন্তও ইছ্যু(প্ৰেৰণ) কৰিছিল৷ তেনেকৈ বান-বিধস্ত মানুহবিলাকৰ ওপৰত সময়ে সময়ে হাৰা-শাস্তি চলাই অহাও হৈছিল৷ সেয়ে তেতিয়াৰ পৰাই মানুহবিলাকে চৰকাৰৰ পৰা তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে অন্য সুৰক্ষিত ঠাই বিচাৰি বাৰে বাৰে আবেদন-নিবেদন কৰি আহিছে৷ পিছে পুনৰ সংস্থাপন দিম দিম বুলি কৈ ইমান বছৰে ডিমাপুৰ দেখুৱাই আছে৷ সেয়া চৰকাৰৰ দায়িত্ব-জ্ঞানহীনতা আৰু চৰম ব্যৰ্থতাৰ নিদৰ্শন৷ অন্ততঃ মানৱীয়তাৰ খাতিৰত হ'লেও একেবাৰে নিৰুপায় আৰু নিঃস্ব হৈ পৰা মানুহবিলাকক অনতিপলমে পুনৰ সংস্থাপন দিয়াটো চৰকাৰৰ অতিশয় জৰুৰী কৰণীয় আৰু এৰাব নোৱাৰা দায়িত্বও৷

        যোৱা এক-ডেৰ বছৰ আগলৈকে, অৰ্থাৎ 2020-21চনলৈকে, একেবাৰে উপায় নাপাই শীতৰ ঠেৰেঙা বতৰতো ৰাইজে গাঁও আৰু তেওঁলোকৰ উৰুখা পঁজা এৰি তিনিচুকীয়া জিলাধিপতিৰ ওচৰত তম্বু তৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ সিদিনা অস্থায়ী কেম্পত প্ৰতিবাদ কৰি থাকোঁতে ঠাণ্ডাত ঠেৰেঙা লাগি এক-দুগৰাকী মহিলাৰ অকাল মৃত্যু ঘটিছিল৷ এয়া কাৰ কাৰণে এনেকুৱা ঘটনা ঘটিবলৈ পাইছিল? চৰকাৰৰ অবহেলা আৰু অমনোযোগিতাৰ বাবেই নহয়জানো? এই দুৰ্গত মানুহবিলাকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা অতি সোনকালে নকৰিলে হয়তো বহুত পলম হৈ যাব, যাৰ ক্ষয়-ক্ষতিৰ দায়িত্ব মূৰ পাতি ল'ব লাগিব অসম চৰকাৰেই৷ 

        সেয়া অপ্ৰিয় হ'লেও সত্য, লাইকা-দধিয়াক কেৱল মিচিঙৰ সমস্যা বুলি ভাবি অসমৰ বাকীবিলাকে সহানুভূতি প্ৰকাশ কৰাত কৃপনালি কৰিছে৷ সেয়া বৰ দুখৰ বিষয়, নিজৰ ভাই-ককাইৰ মাজৰে এজনৰ এনেকুৱা এটা দুখৰ দিনত বাকীবিলাকে চকুমোদা কুলিৰ ভাও জুৰিছে!লাইকা-দধিয়াবাসীৰ কান্দোনৰ চকুপানী কেৱল মিচিং সামাজিক মাধ্যম(Whatsapp & Facebook)সমূহতহে প্ৰচাৰ হৈছে বা প্ৰচাৰ হৈ থকা দেখা গৈছে৷ অসমৰ ইমানখিনি বাতৰি কাকত-আলোচনী, ইলেক্ট্ৰনিক আৰু বৈদ্যুতিন মাধ্যম অথবা অতখিনি টি ভি চেনেল থকা সত্ত্বেও কোনোটোৱে দধিয়া-লাইকাৰ কথা প্ৰচাৰ কৰা নাই৷ এয়া অসমৰ মানুহবিলাকে নিজক ভালকৈ চিনি নোপোৱা বা বুজি নুঠাৰ কাৰণেই হৈছে বুলি আমি অনুভৱ কৰোঁ৷ সেয়ে ভূমিপুত্ৰ অবিহনে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব এতিয়া বিপন্ন হোৱাৰ পথত৷

        অৱশ্যে আমি বিভেদ নিবিচাৰোঁ, বিচাৰোঁ একতা৷ সেইকথা সকলোৱে বুজিবলৈ চেষ্টা কৰক আৰু দধিয়া-লাইকাৰ কান্দোনত সকলোৱে সমভাগী হওক৷ টি এম পি কে(সদৌ মিচিং ছাত্ৰসন্থা)ৰ লগত কৃষকমুক্তি, আছু, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ, আটছু, এবছু, আটাছু, আটাছা আদি সকলো ওলাই আহক৷ অনতিপলমে লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপন হওক৷ তেতিয়াহে জাতি, মাটি, ভেটি আৰু দেশ ৰক্ষা হ'ব৷

               এটা সান্ত্বনাৰ বিষয়, প্ৰতিবাদৰ জলন্ত লেলিহান শিখা দেখি সিদিনা বহুত পলমকৈ হ'লেও অসম চৰকাৰ জাগি উঠিছিল৷ তেতিয়াৰ পৰা কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানত মন্ত্ৰী-বিধায়ক পৰ্যায়ৰ এটা বৈঠক দিশপুৰত অনুষ্ঠিত হৈ গৈছিল৷ তাত গঠন কৰি দিয়া এটা তদৰ্থ কমিটিক পুনৰ সংস্থাপনৰ বাবে ঠাই বিচৰাৰ দায়িত্ব দিয়া হৈছিল, যাতে 2021 চনৰ 31 জানুৱাৰীৰ ভিতৰত পুনৰ সংস্থাপনৰ কাম সম্পন্ন হৈ যায়৷ পিছে পৰিতাপৰ বিষয়, আজি পৰ্যন্ত লাইকা-দধিয়াৰ পুনৰ সংস্থাপন সম্পূৰ্ণ হৈ নুঠিল৷

        শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি, লাইকাৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া চলি আছে। এতিয়ালৈকে স্থানীয় মিচিং ছাত্ৰসন্থা আৰু জিলা প্ৰশাসনৰ চুক্তি অনুযায়ী ১০৯ টা পৰিয়ালক জাগুনৰ তাপুত সংস্থাপন দিয়া হৈছে। বাকী ৪১২ টা পৰিয়ালক অতি সোনকালে পাহাৰপুৰত সংস্থাপন দিব লাগে; কিন্তু জটিলতাৰ বাবে এই প্ৰক্ৰিয়া আৰম্ভণিৰে পৰাই বৰ লেহেম গতিত চলি আছে৷ অৰ্থাৎ পুনৰ সংস্থাপন প্ৰক্ৰিয়া বৰ ধীৰ গতিত চলিছে৷

       আমি আশা ৰাখিছোঁ, চৰকাৰৰ সদিচ্ছাত অনতিপলমে পুনৰ সংস্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠক৷ এইবাৰ দিম দিম বুলি ডিমাপুৰ নহয়, লাইকা-দধিয়াৰ পুনৰ সংস্থাপন হওক৷


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages