নিজান ৰাতিৰ উচুপনি
স্বপ্নশিখা চুতীয়া
গোগামুখ, ধেমাজি
ৰাতি যিমানেই গভীৰ হৈ আহিল । নয়নাৰ উচুপনি সিমানেই বাঢ়ি আহিল । হঠাৎ যোৱাকালি হৈ যোৱা ঘটনাটোৰ বাবে তাই দুৰ্বল হৃদয় খন আৰু শুকাই গ'ল । নয়নাক বিয়া কৰাই আদি নামৰ ল'ৰাটো তাৰ আপোন মানুহৰ পৰোচনাত পৰি নয়নাক অকলশৰীয়া কৰি এৰি গুচি গ'ল । সি চাগে নয়নাক ভাল পোৱা নাছিল।
আদিৰ অভিনয় বুলি বিশ্বাস কৰিবলৈ বাধ্য হ'ল তাই ।
নয়না বৰ্তমান অন্তসত্বা । কালি কথাটো পোহৰলৈ আহিল । আদিৰ সন্তানৰ মাতৃ হ'বলৈ ওলাইছে নয়না । কি কৰিব তাই ! প্ৰতাৰক আদিৰ সন্তানক জন্ম দিব জানো ? প্ৰতাৰক পিতৃৰ সন্তানে জানো নয়নাক সুখী কৰিব পাৰিব
ওৰে ৰাতি এই কথাকে ভাৱি নয়নাই একো সিদ্ধান্ত ল'ব নোৱাৰিলে ।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment