সোঁত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 6, 2023

সোঁত

 


সোঁত

ববী দত্ত

টীয়ক


সুখজনক সচিত্ৰ সোণালী সময়ত সপ্ত সুৰৰ

সুৰীয়া সক্ৰিয় সজ্জন সঁজাতী সমদল

সোঁতে সোঁতে সোঁত সংশ্ৰৱ

সব্যসাচী সতীৰ্থৰ সখিয়তী সপোন সমলয়

সুৰৰ সোপানে সোপানে সংজ্ঞাহীন

সোণালী সুৰুজৰ সীমাহীন

সমভাগী সকৰুণ সংস্কৰণ সত্যতা ।


সাঁচতীয়া সপোনৰ সস্তীয়া সুখৰ সাঁচ

সঁচকিত সঞ্চিত সুখৰ সতীৰ্থৰ সমব্যথা

সংজ্ঞাবাহী সহযাত্ৰীৰ সহচৰী সত্য সংজ্ঞা


সন্তৰ্পনে ,সুসংঘবদ্ধতাৰে, সংগোপনে সচকিত

সততাৰ সেতুৱে সংকল্পবদ্ধ,সংলিপ্ত

সমীচিন সচ্ছলতা সগৰ্ভা সভ্যতা।


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages