অনুৰাগ কেনে আছা তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

অনুৰাগ কেনে আছা তুমি

 


অনুৰাগ কেনে আছা তুমি


                                            বৰ্ণালী দাৱ বৰি

                                                   গোলাঘাট


অনুৰাগ

কেনে আছা তুমি

বহু দিন দেখা নাই

ভালে আছাতো

তোমাৰ শূন্যতাত পাৰ কৰিছোঁ

উজাগৰী নিশাৰ দুখৰ হুমুনিয়াহ

তোমাৰ উশাহত জীয়াই আছোঁ

প্রতিটো পল

মনত পৰেনে তোমাৰ

সেই যে শেৱালি জোপাৰ ফাঁকেৰে জোনাকবোৰ

যেতিয়া নামি আহে দুবৰি দলিচাত বহি কৰিছিলো

দুয়ো প্রেমৰ আলাপ

পালন কৰিছিলো

এটি এটি কুহুমবুলীয়া গধূলি

আজিও সাঁচি ৰাখিছো বুকুৰ এচুকত


সেউজীয়া প্রেমবোৰ দুবৰি দলিচাতে লিখা ৰল

সেই নিষ্ফল প্রেমৰ অস্পষ্ট কাহিনী

হৃদয়ত ৰৈ গ'ল মাঁথো হৃদয় গলা এটি কৰুন কাহিনী


তপত বালিৰ মৰুভূমিত খোজ কাঢ়ি হেঁপাহ বিচাৰি ফুৰিছো

হেঁপাহ বোৰ লুকাই পৰে 

মৰিচিকা হৈ 

তুমি সুখী হোৱা, সুখেৰে থাকা

অনুৰাগ! 


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages