অনুৰাগ কেনে আছা তুমি
বৰ্ণালী দাৱ বৰি
গোলাঘাট
অনুৰাগ
কেনে আছা তুমি
বহু দিন দেখা নাই
ভালে আছাতো
তোমাৰ শূন্যতাত পাৰ কৰিছোঁ
উজাগৰী নিশাৰ দুখৰ হুমুনিয়াহ
তোমাৰ উশাহত জীয়াই আছোঁ
প্রতিটো পল
মনত পৰেনে তোমাৰ
সেই যে শেৱালি জোপাৰ ফাঁকেৰে জোনাকবোৰ
যেতিয়া নামি আহে দুবৰি দলিচাত বহি কৰিছিলো
দুয়ো প্রেমৰ আলাপ
পালন কৰিছিলো
এটি এটি কুহুমবুলীয়া গধূলি
আজিও সাঁচি ৰাখিছো বুকুৰ এচুকত
সেউজীয়া প্রেমবোৰ দুবৰি দলিচাতে লিখা ৰল
সেই নিষ্ফল প্রেমৰ অস্পষ্ট কাহিনী
হৃদয়ত ৰৈ গ'ল মাঁথো হৃদয় গলা এটি কৰুন কাহিনী
তপত বালিৰ মৰুভূমিত খোজ কাঢ়ি হেঁপাহ বিচাৰি ফুৰিছো
হেঁপাহ বোৰ লুকাই পৰে
মৰিচিকা হৈ
তুমি সুখী হোৱা, সুখেৰে থাকা
অনুৰাগ!
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment