আমি ঘৃণিত কিয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

আমি ঘৃণিত কিয়



 আমি ঘৃণিত কিয় ?

গৌতম মালাকাৰ

কৰিমগঞ্জ


আমিও মানুহ,

আমাৰো আছে তগবগীয়া

স্বাভিমানী সত্তা! য’ত আছে 

কৃষক-শিল্পী-সাহিত্যিক-সৈনিকৰ দৰেই

ঘাম নিগৰোৱা নিৰ্ভেজাল নিষ্ঠা-

ৰথৰ চকৰিত গতি দিবলৈ...


আমাৰ পূজাৰ কৰ্মক

দিনজোৰা যন্ত্ৰণাৰ ধৰ্মক

তোমাৰ লালসাই

অবাইচ গালি লৈ ৰূপান্তৰ কৰা

তুচ্ছ-তাচ্ছিল্যৰ বাবেই

পোনাহঁতৰো চুচুক-চামাক-

সহপাঠীৰ জন্মদিনৰ ভোজমেলত!


দুৰ্নীতি-দুষ্কৃতি কৰাৰ শিকনি

মা-দেউতাই নিদিলে,

দেশপ্ৰেমৰ দালালিৰে বিভেদ সিঁচিবলৈ

ধৰ্মৰ বেপাৰেৰে সন্ত্ৰাসবাদী হ’বলৈ 

প্ৰশিক্ষণো নিদিলে,

চোৰ-ঠগ-প্ৰৱঞ্চকক

আমিও ঘৃণা কৰোঁ, সেই একেই ঘৃণিত 

ড্ৰাইভাৰ-হেণ্ডিমেন-জামাদাৰ... 

শ্ৰমিকৰ জীৱন

আমি নিৰৱে যাপন কৰোঁ!!


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages