খেতিপথাৰ
লহৰজ্যোতি মৰাণ
শাওন মাহ সোমালে
ত'ত নাপাও ৰ'বলে
নিজকে ৰাখিব লাগে
বোকা-পানী মাজৰে।।
পুৱাৰে উঠি নাঙলত
ধৰো মুঠি মুঠি
খেতি পথাৰ জীপাল কৰো
শষ্য বীজ সিঁচি সিঁচি।।
ৰ'দ বৰষুণ একাকাৰ কৰি
ব্যস্ত ৰাখো জীৱন ভৰি
হাড়ভঙা কঠোৰ পৰিশ্ৰম কৰি
নাপাও অকনো সহাঁৰি।।
সপোনৰ পম খেদি
সোণগুটি বুটলি বুটলি
অন্নদাতা অন্নমুঠি
জিলিকাম খেতিৰ
ভৱিষ্যতৰ আশাৰ ৰেঙনি।।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment