সহযাত্ৰী
ৰূপা গগৈ
জয়া নগৰ, গুৱাহাটী
সিবেলি নে এইবেলি
কোনবেলি মুখামুখি হৈছিলোঁ তোমাৰ ...
এনে কথা হোৱা মনত নাই
দুনাই যে হ'ম দুয়ো দেখাদেখি...
কিহতনো লাগিলা আহি
এতিয়াচোন ওলাওঁতে সোমাওঁতে
কেৱল তোমাৰে হওঁ মুখামুখি ...
ফল হৈ নে ফুল হৈ আহিলা
কি দৰে আদৰোঁ
অতবোৰ ফলৰ মাজত ফুল হৈ ফুলাটো কিন্তু কম কথা নহয়
যদিহে ফুল হৈ আহিছা...
তোমাৰ হাঁহিটো পিছে কম ধুনীয়া নহয়
পৰকো আপোন কৰিব পৰা
নিশালৈ এটি সপোন হৈ নামিব পৰা
একেখন নাওত সহযাত্ৰী হোৱাকৈ ...!
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment