শেষৰ শেষত যি ৰৈ যায়
লখিমী নেওগ
শিৱসাগৰ
কালি আকৌ দেখিছিলো ...
ঘা ঢাকি নিৰ্ঘূণকৈ মৰা হাঁহিৰ ফাঁকেৰে
কান্দি উঠা জীয়া জোনটো
জোনক জোনৰ বাহিৰে কোনে জানে ?
মোক মোৰ বাহিৰে কোনে জানে ?
ৰ’দৰ গোন্ধত পোৰা মানুহ যিহেতু
বুকুত অকথ্যৰ দোকোলটকা বান
বৰষুণতো নিভিজে
বৰষুণৰ ... গোন্ধত জেকা মাটিখিনি
কোনে জানো কৈছিল
“বেলিৰ বিচনা হেনো পশ্চিম আকাশত”
মই এতিয়াও পূব আকাশ চাও
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment