মৰুৰ বুকুত মেঘৰ সপোন
চন্দ্ৰপ্ৰভা বৰ্মণ
গুৱাহাটী
কাৰ বাউসীত মুৰ থৈ তুমি
মেঘৰ আঁৰৰ তৰাফুল গণিছিলা
বুকুৰ উদ্যানত স্বপ্নৰ আলোক
হাতৰ মুঠিত বিস্তৃত আকাংক্ষাৰ সপোন
কল্পনাৰ সাগৰত ডুবি প্ৰাণৰ উদ্ভাষিত ৰূপ
দুঁচকুক পিন্ধাই মেঘৰ থোপা
বনফৰিং হৈ উৰিফুৰা
তুমি আকাশ আঁকলুৱা
সোনাৰুবুলীয়া হাঁহিটি লৈ
ওঠত মদাৰ শিমলুৱা
বুকুৰ সোনাৰুত সূৰুয জ্বলে
পিপাশাৰ্ত হৃদয়ত সিক্ততা বিচাৰি
বননিত বাজে তোমাৰ দৰদী বিৰহৰ বাঁহী
বিৰহী সুৰটো বুকুত বাজি থাকে
অচিনাকী অনামী সুৰ হৈ
নুবুজা বেদনাত মৌণতাৰ পৰশত
ৰৈ ৰৈ বাজি থাকে সুৰৰ পানচৈ
তৰাফুল বঁচা আকাশৰ
মই ! কক্ষচ্যুত আকাশী তৰা
পুৱাৰ কাঁচলি ৰ'দত আকাশৰ পৰা
সৃষ্টিৰ সঁফুৰা লৈ খহি খহি পৰা
কৌতুহল কুঁৱলীৰ চেঁচা টোপাল হৈ
দুবৰি বনৰ বুকুত জিলিকি থকা
জিল-মিল নিয়ৰ এটোপা ।
তুমি ৰৈ আছা প্ৰত্নপ্ৰস্থ যুগৰ পৰা
জীয়াই থাকিবলগীয়া সময়খিনিৰ
বনিময়ত স্থিত-প্ৰজ্ঞ হৈ ৰৈ আছা ।
এজাক দীঘলীয়া বৰষুণৰ প্ৰয়োজন
মানুহ ,শইচ আৰু ভিজা মাটিৰ
গোন্ধে আমোলমোলাৱলৈ !
বৰষুণৰ জীপাল দলিচাত আকুল সময়ৰ
অঘৰী কবিতাত মোৰ শব্দৰ নাচোন
মোৰ সিক্ত চুলিৰ পৰা বাগৰি পৰে
তোমাৰ শৰীৰত এমুঠি বৰষুণৰ টোপাল !
কোনো উত্তাপবিহীন, উদযাপন বিহীন
জীৱন এটা চুচুৰি-চুচুৰি জীয়াই থকাতকৈ
এজাক নেৰা-নেপেৰা বৰষুণ হৈ
নামি আহিবৰ মন আছিল
আবেলি নাওঁ বন্ধা ঘাটত
গাৰ চেলেং উৰোৱা বতাহছাটি
প্ৰীতি সমূদ্ৰ এখন লৈ মাধৱীলতাৰ
দৰে মেৰিয়াই ধৰিম যেন তোমাৰ দুহাত
মই উদ্ভাষিত হওঁ তুমি হোৱা উদভ্ৰান্ত
ভালপোৱা আমাৰ ভোগদৈৰ ইপাৰ সিপাৰ
তুমি পাগলাদিয়া নদীৰ ভেটা-ভঙা
উত্তেজনাৰে উচন কৰিব খোজা
ক্লেদময় পিছলাঘাটৰ মোৰ পৰিচয় !
এন্ধাৰৰ ছায়াত হৃদয় কঁপে
স্পৰ্শহীন সৌন্দৰ্য্যৰ পূৰ্বৰাগ !
শব্দৰ চাদৰেৰে ঢাকি ৰাখো মই
ডাঠ বেঙুনীয়া কৃষ্ণচূড়া কলিজাটো
পৰিধি বিহীন ভাৱে ভাঁহি আহে
বুকুৰ পৰা অনুভৱৰ অস্তৰাগ !
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment