ক্ষন্তেকীয়া
সুৰজিৎ ভূঞা
বৰপেটাফুলৰ গোন্ধত উৰিছে ফুল
তাতে মায়াজাল সাজি।
ফুলৰ সুন্দৰতা
ফুলেও নাজানে
মায়াজালৰ কথা
আমিও নাজানো।
বিশ্বাসৰ আঁৰত থাকে
মকৰা জালৰ গুঠনি
পলকতে যায় ছিঙি।
ফুলৰ পাহত মকৰাৰ জাল
কিমান ঠুনুকা মই জানো।
তথাপি নাভাবোঁ এবাৰো
পলকতে যে যাব ছিঙি।
মানুহৰ পৰা ফুললৈ
সকলো ক্ষন্তেকীয়া
মাথোঁ ৰৈ যাব স্মৃতি।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment