প্ৰথম ভুল ময়েই কৰিছিলো
বিবেকানন্দ পাৱ
যিদিনা তোমাৰ চলনাময়ী প্ৰেমত নিজকে বন্দী কৰি পেলালো
বিনা চৰ্তে ভালপোৱাৰ নামত
তোমাৰ হৃদয়ৰ ব্লেং পেপাৰত
মই মাথোঁ তোমাৰ বুলি চুক্তি কৰিছিলো,
সেইদিনাই, ভুল কৰিছিলো মই।
প্ৰথম ভুল ময়েই কৰিছিলো।
যিদিনা তোমাৰ অবিশ্বাসী কথাবোৰক
সহজতে বিশ্বাস কৰি পেলালো।
তোমাৰ মিছা হাঁহিত
মই নিজকে বিলীন কৰি পেলাইছিলো
সেইদিনাই, ভুল কৰিছিলো মই।
প্ৰথম ভুল ময়েই কৰিছিলো।
এতিয়া তুমি মোৰ সৰলতাৰ সুযোগ লৈ
তুমি মোক পৰীক্ষা কৰিছা
আৰু তোমাৰ কঠিন পৰীক্ষাত
মই বাৰে বাৰে বিফল হোৱা পৰীক্ষাৰ্থী।
যিমানেই তোমাৰ কাষ চাপিব বিচাৰো
সিমানেই তুমি মোৰ পৰা
আঁতৰি থাকিব বিচৰা।
এতিয়া উপলদ্ধি কৰিছো মই
তোমাক নিজতকৈয়ো সচা ভালপোটোৱেই আছিল মোৰ মহাভুল।
প্ৰথম ভুল ময়েই কৰিছিলো।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment