আহিনৰ আবেলি পথৰুৱা আলিৰে নাহিবা মিছ দীপিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 4, 2023

আহিনৰ আবেলি পথৰুৱা আলিৰে নাহিবা মিছ দীপিকা



 আহিনৰ আবেলি পথৰুৱা আলিৰে নাহিবা মিছ দীপিকা


সুশান্ত বৰুৱা

গোলাঘাট


আহিনৰ আবেলি পথৰুৱা আলিৰে নাহিবা মিছ দীপিকা

টঙীঘৰত বহি মই চাই থাকিব নোৱাৰো 

ধানৰ পাতে কলাফুল কটা

বিৰিঙি উঠা তেজ মচি

সানি দিব নোৱাৰো বন দৰব বতা


মই সেউজীয়াত বুৰ গৈছো দীপিকা

মন সেউজীয়া , আৱেগ সেউজীয়া , অনুভৱ সেউজীয়া 

চাৰিওফালে কেৱল সেউজীয়া  ।


আবেলিৰ বেলিটো চুই চাবা নেকি 

উঠি আহা জখলা বগাই আহিলাই যেতিয়া 

চোৱাহিচোন তোমাৰ মেঘালি চুলিৰ দৰেই ঢৌ খেলিছে পথাৰে

চোৱা চোৱা মুকুতা সৰিছে 

বুটলি আনা দুটা কণা 

তোমাৰ কপালত আঁকি দিওঁ কোনেও নেদেখাকৈ চুমা.....


আজি নিশাটো পাৰ কৰিবা নেকি টঙী ঘৰত

জোনৰ লগত কথা হ'ব পাৰিবা

তৰাবোৰ ওমলাব পাৰিবা

হাতীপটিয়েদি গৈ চাই আহিব পাৰিবা সৌৰজগত 

তলতে শিয়ালে হোৱা দিব 

ভয় নাখাবা মিছ দীপিকা

ৰাতিপুৱা সাৰ পাবা চৰাইৰ মাতত


সাহস আছে যদি থাকি যোৱা মিছ দীপিকা

সাহস লাগিব থাকিবলৈ

পুৱা তুমি বদনামী হ'বা

সমাজে ক'ব পাৰ কৰিলা এটা অভিসাৰিনী নিশা

এখন সমাজ এফালে আনফালে তুমি

প্ৰমাণ কৰিব লাগিব 

উদযাপিত হোৱা নাই কোনো অভিসাৰি ৰাতি


সাহস আছে যদি ৰাতিটো থাকি যোৱা মিছ দীপিকা


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages