আহিনৰ আবেলি পথৰুৱা আলিৰে নাহিবা মিছ দীপিকা
সুশান্ত বৰুৱা
গোলাঘাট
আহিনৰ আবেলি পথৰুৱা আলিৰে নাহিবা মিছ দীপিকা
টঙীঘৰত বহি মই চাই থাকিব নোৱাৰো
ধানৰ পাতে কলাফুল কটা
বিৰিঙি উঠা তেজ মচি
সানি দিব নোৱাৰো বন দৰব বতা
মই সেউজীয়াত বুৰ গৈছো দীপিকা
মন সেউজীয়া , আৱেগ সেউজীয়া , অনুভৱ সেউজীয়া
চাৰিওফালে কেৱল সেউজীয়া ।
আবেলিৰ বেলিটো চুই চাবা নেকি
উঠি আহা জখলা বগাই আহিলাই যেতিয়া
চোৱাহিচোন তোমাৰ মেঘালি চুলিৰ দৰেই ঢৌ খেলিছে পথাৰে
চোৱা চোৱা মুকুতা সৰিছে
বুটলি আনা দুটা কণা
তোমাৰ কপালত আঁকি দিওঁ কোনেও নেদেখাকৈ চুমা.....
আজি নিশাটো পাৰ কৰিবা নেকি টঙী ঘৰত
জোনৰ লগত কথা হ'ব পাৰিবা
তৰাবোৰ ওমলাব পাৰিবা
হাতীপটিয়েদি গৈ চাই আহিব পাৰিবা সৌৰজগত
তলতে শিয়ালে হোৱা দিব
ভয় নাখাবা মিছ দীপিকা
ৰাতিপুৱা সাৰ পাবা চৰাইৰ মাতত
সাহস আছে যদি থাকি যোৱা মিছ দীপিকা
সাহস লাগিব থাকিবলৈ
পুৱা তুমি বদনামী হ'বা
সমাজে ক'ব পাৰ কৰিলা এটা অভিসাৰিনী নিশা
এখন সমাজ এফালে আনফালে তুমি
প্ৰমাণ কৰিব লাগিব
উদযাপিত হোৱা নাই কোনো অভিসাৰি ৰাতি
সাহস আছে যদি ৰাতিটো থাকি যোৱা মিছ দীপিকা
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment