পাক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

পাক



 পাক

ৰূপা গগৈ 

জয়া নগৰ, গুৱাহাটী


পাক নাই ক'ত 

উদয়ত পাক , অস্তটো পাক

ডিঙিত গৰ্ভতে নাভি দুপাক

ওপজিলেই খায় খোল ...


ভোক-পিয়াহ জাগে জনমৰ আদিম পুৱাতেই 

লোভ আৰু যৌনতা বাঢ়ে 

যৌৱনৰ ভোক-লালসাত ...


জোন-বেলি-তৰা লেখি থাকিলে

নোগুচে দেহ-মনৰ ভোক

কথাত পাক 

কামত পাক

পাকত পাক লগাই ঘূৰিব নাজানিলে

হাততে পাই বাটতে হেৰাব চান্স...


যেতিয়া ভাঙিছিলোঁ 

আইৰ দহদিনে নফণিওৱা চুলিৰ জঁট

তেতিয়া পিতাইয়ে কৈছিল 

আইৰ চুলিৰ জঁট ভঙা যিমান জটিল

তাতোতকৈ জটিল

সংসাৰৰ জঁট ভঙা কাম 

যদিহে কথাই কথাই 

কথাত লাগে পাক

পাক ভাঙোতে ভাঙোতে 

কথাৰে হেৰাব আঁত……


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages