দেওল'ৰা-দেওৰজা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 4, 2023

দেওল'ৰা-দেওৰজা



 দেওল'ৰা-দেওৰজা

ৰূপম নাথ


পিবলৈ পিঁয়াহৰ পানী

কাজলীমুখৰ ঘাটত

এসোঁতা চকুৰ পানীত

নিজৰেই লেখহীন প্ৰতিবিম্ব


যি মৰমৰ ধাৰ

কাজলীবাঁহৰ চেঁচুতকৈ তীক্ষ্ণ

তাৰেই বন্ধা...

কপিলীৰ বাহুত

প্ৰেমৰ নাও


ভিঠা খহা প্ৰেমত

আলৈ-বিলৈ কলিজা

গৰলহেন ভাতমুঠি

কুটুমৰ তেজে-ৰন্ধা


প্ৰেমৰ ফান্দ, দেওলগা


কি শোকত উটে

কলং-কপিলীৰ বুকুত

তেজেধোৱা মৃগাঙ্কৰ গড়

মঙহত সোণবন্ধা


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages