ফুটবল
ইলামণি শইকীয়া
বহুদিন মোৰ মূৰত আকাশ নাছিল
বহুদিন মোৰ ভৰিৰ তলত মাটি নাছিল
ময়ো হৈ থকা নাছিলোঁ মোৰ৷
পদলেহনৰ কুচকাৱাজত বিবেকৰ ব্যস্ততা
আঁঠুকাঢ়ি খোজ কঢ়াৰ মিচিলত চামিল হোৱাৰ উত্তেজনা...
সাত-পাঁচে মিলি
মই হৈ পৰিছিলো এটা সুবিধাবাদী ফুটবল
ইফালেও গল, সিফালেও গল
জয় জয় ময় ময় ফুটবল
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment