মন বাটেদি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, August 31, 2023

মন বাটেদি

 


মন বাটেদি 


                 বিধান গগৈ

                 শিৱসাগৰ


মই যি বাটেৰে যাওঁ

সেই বাটতে মৌ সনা কবিতাবোৰ লগ পাওঁ।

জীৱনৰ দুখবোৰ একাষৰীয়াকৈ থৈ

সুখবোৰ বিলাই যাওঁ সমাজলৈ।

সময়ত দুখবোৰ সলাই লওঁ সুখলৈ।

মই যি বাটেৰে যাওঁ

সেই বাটৰ আৱৰ্জনা বোৰ 

আতৰাঁই থৈ যাওঁ ,সুশৃংখল সমাজলৈ।

মই যি বাটেৰে যাওঁ

সেই বাটত পোৱা গৰিহণাবোৰ 

অশ্ৰু অঞ্জলি ৰূপে বুকুত সাঁচি লওঁ।

মই যি বাটেৰে যাওঁ

সেই বাটত তোমাৰ সুগন্ধি বিচাৰি পাওঁ।

তোমাৰ খোপাৰ তগৰ,মালতীৰ সুগন্ধিয়ে

মোৰ মন প্ৰাণ জুৰ পেলাই যায়।

মই যি বাটেৰে যাওঁ,সেই বাটত থকা অসহায়,পংগু,নিচলা আৰু 

আৰ্তনাদৰ মৰম হৈ যাওঁ

সময়ৰ সোঁতত বিলীন হৈ যাওঁ।

জীবনৰ,সময়বোৰ এনেকুৱাই

সাগৰৰ জোৱাৰ, ভাটাৰদৰে

ভাহি আহে জীবনলৈ কেতিয়াবা অবিমল সুখ হৈ,কেতিয়াবা অস্ত আকাশৰ এচমকা দুখ হৈ।

এই যে জীৱন, মন বাটৰ জীৱন,

বৈ থাকে আজীৱন প্ৰভুৰ চৰণত।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages