সোণালী ডেউকাৰ সোণালী সপোন
দীপিকা ফুকন
সোণালী ডেউকাৰ এটি চৰাই
উৰি ফুৰে মোৰ চৌপাশে
অদ্ভূত ছন্দেৰে অনুভুত হৈছে জীৱন
হৃদয়ৰ গভীৰত খোদিত হ'ল এটি নাম
আলফুল ঐশ্বৰ্যৰ আঁকৰ, য'ত আছে
জীৱন জিনি যোৱা অনুভৱী গান
যি গানৰ সুৰত জাগ্ৰত হয়
অকাল বসন্ত
যি গানত স্নায়ুৰ মাজেৰে বয়
তপত নিশ্বাস
যি কথা আনক কোৱা নাযায়
যি কথা আনক লৈ ভৱা নাযায়
যি সপোন আনৰ কাৰনে দেখা নাযায়
সেইয়া মোৰ
সোণালী ডেউকাৰ সোণালী সপোন।।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment