নদীৰ নাম কি নুসুধিবা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

নদীৰ নাম কি নুসুধিবা

 


নদীৰ নাম কি নুসুধিবা

বেঞ্জামিন কামান


ওখোৰা মোখোৰা নদীৰ বক্ষত 

মাজে মাজে পানী ডোঙা বান্ধিছে,

দুপৰীয়া চিকমিকাই থকা  বালিছন্দাবোৰ

এতিয়া আৰু নাই,

নাই গৰু মহৰ টিলিঙাৰ মাত

আৰু জাকৈয়া লখিমীৰ জাক।


ফাগুনৰ পছোৱাত বিদীৰ্ণ 

শাৰী শাৰী প্ৰতিমাই পাৰৰ পৰাই

কংকালসাৰ নদীলৈ চাই স্বগতোক্তি কৰিছে- 

গংগাস্নান হ'ব নে আমাৰ

মুক্তি হ'ব নে আমাৰ আত্মাৰ!


নিশ্চল পানীডোঙা

ইয়াত বাৰু ক'ত লুকাই আছে

পুঠি-খলিহনা গৰৈ-শিঙি 

আৰু নদীৰ ডাঙৰীয়া! 


বাৰিষাৰ ভৰুণ নদী 

এতিয়া এক বিষন্ন অতীত


নদীৰ নাম কি নুসুধিবা 

এয়াটো অতীত হৈ গ'ল 

অতীত হৈ গ'ল বালিঘৰ সজা  

আৰু বালিভাত খোৱা

পাহৰণিৰ গৰ্ভত.... নিৰলে


এটি দিন আহিব

কোনো কোনোৱে কব-

ইয়াত এখন নদী আছিল

নদীত মাছৰ উজান উঠিছিল

দুয়োপাৰ সেউজীয়া আছিল, 

টুলুং ভুটুংকৈ সৰু সৰু নাওবোৰে কঢ়িয়াইছিল

সৰু সৰু মানুহৰ আশা

ইপাৰৰ পৰা সিপাৰলৈ…..


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages