উশাহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

উশাহ

 


উশাহ

নীলাভ সৌৰভ


উৰণীয়া শিখা এটি

ঢৌ খেলি ঢৌ খেলি গোটেই আকাশ আৱৰে


জোনাকী পৰুৱা এটিৰ উশৃংখল ৰেখাংকন

ইমান চিত্ৰকল্পত প্ৰেম বুজিবলৈ সাঁথৰ


হাত খুলি থৈ দিওঁ

ভৰি খুলি থৈ দিওঁ

বুকু খুলি থৈ দিওঁ


এইযে বাটৰ কাণত পৰি থকা

যোৱাৰাতিৰ হুইস্কিৰ খালী বটল

আলু পিঁয়াজৰ বাকলি, 

আধা খোৱা মঙহৰ ডিচপ'জেবল পাত 

বিৰিঙি থকা জাম জেলি

পুৱা নামঘৰীয়াৰ বমি

অন্যান্য যি বিমূৰ্ত ছবিৰ সমল

আৰু অকণমানি দুটামানৰ জীৱন সন্ধান

ইয়াতেই কলিজা আচাৰি ইতিহাসৰ ৰসায়ন ৰসাতলে যায়


যুগ যুগ ধৰি একেই আছে দৃশ্য

দিনৰ পোহৰত ৰাতিৰ পলায়ন

অথবা ৰাতিত দিন বিলীন


কি কৰিম কি কৰিম


তুমি আহিলে 

পিন্ধি ল'ম চকু

পিন্ধি ল'ম কাণ

পিন্ধি ল'ম মুখ


চিঞৰিম চিঞৰিম


বিলাসৰ দৰে নহয় 

লালনৰ গানৰ হায়ৰাণী চোকৰ দৰে

ভোকৰ সমান

প্ৰেম কৰিম

এনেকুৱা লাগে তুমি আহিলে কটা গছ বন

পুনৰ ঠন ধৰি উঠিলহেঁতেন 


দুটা একতাৰা মিলি দোতাৰা হ'লহেঁতেন

ভোক আৰু প্ৰেমৰ নামত সমস্বৰে গান গালেহেঁতেন মাটিয়ে


চৰাইৰ নিচিনাকৈ উৰণীয়া তুমি

জুইৰ ঢৌ সামৰি

বৰফৰ দৰে গলিবলৈ মন যোৱাকৈ

পানীৰ ঢৌ সামৰি জুইৰ দৰে উত্তাপ হ'ব পৰাকৈ


শিল-কঠিন জাৱৰুৱা ভাগৰৰ পাৰা

স্থিৰ হ'ব তুমি হাতত ধৰিলে


গছৰ তলত ভাগৰুৱা খেতিয়ক

বাটত মগনীয়া

চহৰত শ্ৰমিক গোটেই খামখেয়ালিত

প্ৰতিবাদ হৈ গুজৰি কিমান চিঞৰ সাধিব পাৰি

ইমান দিনে হাৰি হাৰি এনেকুৱা লাগিছে

তুমি আহিলেই ন্যায় হ'ব


অলপ জিৰাম

মোৰ ডিঙি খুলি তোমাক দিম

তুমি মোৰ ভিতৰলৈ চাবা

মই মোক দেখিম


আৰু তুমি সুধিবা— কি মোক নোচোৱা


মই তোমাকেই চাই আছোঁ 

তোমাৰ নামত দীঘলীয়া বাট চাই আছোঁ

তুমিতো নাছিলাই

মই তাকেই চাই আছিলো তুমি বুলি


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages