বেড নাম্বাৰ ফ'ৰটিনত
ৰিপুঞ্জয় বৰুৱা ঋমন
সকলোৰে শেষ থাকে
শেষ হৈ যায় সকলো
শেষ হৈ যোৱাৰ শেষত মনত পৰে
শেষ মাতটো
শেষ হাঁহিটো
শেষ চুমাটো
শেষ মেচেজটো
শেষ ফোনকলটো
শেষৰ ভাল-বেয়া সুখ-দুখ বুলি একো নাথাকে
শেষ মানেই স্মৃতিৰ অভিষেক !
বেলি ডুব যায় পুনৰ উভতি আহিবলৈ
আমিতো বেলি নহওঁ !
সকলো শেষ হৈ যোৱাৰ আগেয়েই
আহিব শেষবাৰলৈ
ৰাস্তাই ৰাস্তাই এপাক ফুৰি আহিম
কথা নপতাকৈ
মাথোঁ আপোনাক এবাৰ নিৰলে অনুভৱ কৰিম
ইয়াৰ পিছত শেষ হৈ যাম
কাৰোবাৰ ওঁঠৰ উত্তাল সমুদ্ৰত আৰু কাহানিও লগ নাপাম !
যোৱাৰ আগেয়ে
অঙ্গদানৰ চুক্তি অনুসৰি কলিজাটো দি যাম
আপুনি সম্পূৰ্ণ সুস্থ হৈ উঠিব।
মোৰ অনুপস্থিতিয়ে আপোনাক কেতিয়াও আমনি নকৰিব
এপল' হস্পিটেলৰ কাৰ্ডিঅ'লজী কক্ষত মই ৰৈ আছোঁ
আপুনি অহালৈ বাট চাই, বেড নাম্বাৰ ফ'ৰটিনত।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment