বিষয়: জীৱন অথবা প্ৰেম
মল্লিকা হাজৰিকা
হেঁদালিৰ পাচলিত মেচিনেৰে পানী দি থকা মানুহজনৰ পৰিধানত পথালি চেকৰ নীলা লুঙী৷ মাতকথা পোন৷ পুতেকক লগ ধৰিবলৈ গৈছিলো৷ পুতেক বাহিৰত থাকে৷ বাহিৰত মানে ৰাজ্যৰ অন্য এটা মূৰত৷
" ফোন নাম্বাৰ?"
" মনত নাই৷"
" পৰিয়াল?"
তেওঁ ভিতৰলৈ গৈ বোৱাৰীয়েকক মাতি দিয়াৰ লগতে বহিবলৈ সম্ভ্ৰমেৰে প্লাষ্টিকৰ চকী আগবঢ়াই দিলে৷ কোমল মুখৰ কেইবাজনীও ছোৱালীয়ে জুমাজুমি কৰিলে৷ শান্ত খোজেৰে অহা বোৱাৰীয়েকক নাম্বাৰ সুধিলো৷ সাধাৰণতে নাম্বাৰ সুধিলে এবাৰতে ক'ব নোৱাৰে৷ কেতিয়াবা ম'বাইল খুঁচৰি কয়৷ তেওঁ নিৰ্ভুলকৈ একেবাৰতে কোৱা নাম্বাৰটো মই ফোনত ডায়েল কৰিলো৷ সিফালে এগৰাকী মহিলাই ফোন উঠালে৷
" অমুকৰ নাম্বাৰ হয়নে?"
মই অকণমান বিব্ৰত হ'লো৷
" হয়৷ দি আছো৷"
চিধা উত্তৰ৷
" আপুনি তেওঁৰ কোন?"
নুসুধিবলগীয়া প্ৰশ্ন এটা পিছলি আহিল৷
" মই তাৰ মাইকী৷"
তিনিটা শব্দৰ এক গৰ্বিত উত্তৰ৷ মই আশ্বৰ্যত স্তব্ধ হৈ ৰ'লো৷ ফোন নাম্বাৰটো কোৱা মানুহগৰাকী একেভাঁজতে ৰৈ আছে৷ চকুযুৰি বিষণ্ণ, মুখখন কাতৰ৷ শাৰীপাতি থকা ছোৱালীকেইজনী উৎসুক, মই কি পাতিছো জানিবলৈ৷
কথা পাতি শেষ হোৱাৰ পিছত মোৰ তাত এখন্তেক থাকিবলৈও মন নগ'ল৷
" আহিছো দিয়ক৷"
মই উঠিবলৈ লওঁতেই মানুহগৰাকীয়ে সংকোচেৰে ক'লে, " বাইদেউ, চাহ একাপ!"
ইমান কৰুণ অনুৰোধ মই চাগে জীৱনত পোৱা নাই৷
" নাখাওঁ" বুলি কৈ গুচি আহোতে মই এবাৰো উভতি নাচালো৷
নিজৰ মানুহজনক ভগাই লোৱাৰ যাতনাত দোঁ খাই থকা আৰু সেই সত্য এদিনৰ চিনাকি মানুহ এজনীৰ ওচৰত উদঙ হৈ যোৱাৰ সনাসনি অনুভৱত বিহ্বল মুখখন মই চাব নোৱাৰিলো৷
বিশ্বাসে মানুহক জীয়ন দিয়ে৷
বিশ্বাসহীনতা আৰু অপ্ৰেমে মানুহক জীৱন্তে মৃত কৰে৷
চেম্পু আৰু বিয়া ভঙাৰ খবৰে এই ৰাজ্যত আটাইতকৈ চৰ্চিত হিচাপে পৰিগণিত হয়৷ অপ্ৰেমৰ এনে খবৰবোৰ এই চহৰৰ বাবে গুৰুত্বহীন৷
চৰ্চা - বিতৰ্কত নিজৰ বিয়াখন মনত পেলাওঁ৷ জোৰোণত কি দিছিল - নিজৰে মনত নাই৷ শহুৰ - শাহুক কৈছিলো - নহ'লে নোহোৱা কাপোৰহে দিব, অন্যও বিশেষ একো নিদিব৷ নিজেও একেবাৰে সাধাৰণভাবে ওলাই গৈছিলো৷ নিজৰ সেইসময়ৰ কমটকাৰ দৰমহাৰে যি পাৰো সেয়াই৷ দুজন দাদা আৰু মামাহঁতে আগ্ৰহেৰে দিয়া বস্তু কেইপদ লৈ গৈছিলো৷ কাৰো ওচৰত এটকাও ধাৰলৈ লোৱা নাছিলো৷ বাহুল্য নাছিল৷ আন্তৰিকতা আছিল৷ সংসাৰযাত্ৰাত এপদ এপদকৈ আমি নিজে বস্তু গোটাইছিলো৷ প্ৰয়োজনীয় কিমান বস্তু নাছিল! বস্তুৱে সংসাৰ নগঢ়ে৷
অপ্ৰেম আৰু বস্তুবাদী এই দুনীয়াত প্ৰেম আৰু বিশ্বাস ইমান দুৰ্লভ!
কেইচেকেণ্ডমানৰ ৰীলৰ দৰে আজিকালি সকলো কথাই খৰতকীয়া, দ্ৰুত৷
এই খৰতকীয়া সময়ত ৰৈ যোৱা কথা আৰু সম্পৰ্কবোৰেই যুগমীয়া৷
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment