নীলা খামৰ চিঠি এখন
কিশোৰী মোহন দাস
বৰপেটা'If winter comes can spring be far behind.'
If letter comes, can reply be far behind.
ঘড়ীৰ কঁটাৰে যদি সময়ৰ জোখ হয়,
আজি বহু দিন বহু মাহ পাৰ হৈ গ'ল,
চিঠি দিয়া নাই মোলৈ, ময়ো দিব পৰা নাই তোমালৈ
সময় সুবিধা নাই, বুইচা,
সময় পালে সুবিধা নোলায়, সুবিধা পালে সময় পলায়।
(আজি কালি দেখোন কোনোৱে কাৰলৈকে নিলিখে চিঠি কেৱল ফোনাফোনি কৰে সকলোৱে সদায়।)
তথাপি জানো তোমালৈ চিঠি নিলিখি পাৰোঁ ?
কোনোদিনে নোৱাৰিছিলোঁ
কোনোদিনে নোৱাৰোঁ
আজিও নোৱাৰিলোঁ।
সেয়ে লিখিছোঁ চিঠি জীৱনৰ দুখৰ বাটৰ।
মামণিৰ জ্বৰ, আজি প্রায় সাতদিন হ'ল।
ঔষধো কিনা নাই তোমাৰ শপত এটোপা ।
আজিকালি তাই খাৰনী-শাকনিৰে ভাত দুটাও নেখায়।
মাছ পুঠি ইয়াত পাবকে নাই।
দেহা তাইৰ কিনো চাবা
যমৰ দক্ষিণ দুৱাৰেদি গৈ
পশ্চিম দুৱাৰেদি ওলাই অহা যেন পায়।
তৰণীক দিব লাগে যোৱা মাহৰ বাকীখোৱা দুকুৰি টকা।
পুৱা-গধূলি সি যিহে খুতিতাল বাই
বাকী খুজি সি মোক নাকনি-কাননি কৰে।
তৰালিক তুমি দিয়া তাহানিৰ কুঁহিপাতখন
এটি-দুটিকৈ পাত তাৰ নাইকিয়া হ'ল
ঠিক পদুলি মুখৰ এটি দুটি পাত সৰা ফাগুনৰ পলাশ জোপাৰ দৰে।
পিংকিয়ে স্কুললৈ যাওঁতে যেতিয়া তাইক
ৰিং দি মাতি গুচি যায়
কুঁহিপাত বিচাৰি তাই কৰে হাহাকাৰ।
মামণিক দিব লাগে নীলা চোলা এটা।
ধূসৰ ৰঙৰ চোলাটোৰে তাই নোৱাৰে স্কুল সোমাব এতিয়া ।
ঘৰৰ খবৰ দিবলৈ লাজ লাগে সঁচাই
মুধচৰ জালিকটাৰে জোনটোৱে হাঁহি মাৰি যায়।
মামণিৰ বুকুৰ কামিহাড়বোৰৰ দৰে
ছাল কামিবোৰে ডালে ডালে দাঁত নিকটায়।
বাখৰ মোমাই আহি তাত কেতিয়াবা থিতাতে গাঁঠি মাৰি যায়।
(ভিতৰত বৰষুণ পৰে নহয়)
চোতাল পদূলি কিনো চাবা
আঠুৱনী বন তাত
দুবৰী আৰু ডুৰুণ ফুলৰ ।
দুপৰীয়া ৰবাব টেঙাৰ ছায়াত তাঁতত বহোঁতে যেতিয়া
ছিক্সডাউন ট্ৰেইনখন খন্তেক ৰৈ উকিমাৰি যায়হি গুচি
মন মোৰ নিৰাশা আশাৰে হয় ধুঁৱলি কুঁৱলি
- তুমি কিজানি মাহৰ শেষত আশালৈ পাবাহি আহি ঘৰ।
মন মোৰ হয় আশাৰে থৌকিবাথৌ
মামণিৰ নীলা চোলা এটা
তৰণীৰ বাকী খোৱা দুকুৰি টকা
আৰু যে কত কিবা কিবি বহুতো সানমিহলি।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment