উজাগৰী
লখিমী নেওগ
ৰাতিৰ কুঁজা বোকোচাত উঠি
এন্ধাৰক খেপিয়াই খেপিয়াই সুধোঁ,
“কোনবোৰ কথা চহাবলৈ এৰিলে
সৰি পৰে পুৱা…. ”
উকা নিশাৰ নিবিড়তাত তেতিয়া
মৰা জোনক সুঁৱৰি তৰাৰ বিলাপ
সিদিনা সেই বাটৰ কাষতে
হালি আছিল এটি মৰহা কাঠ গোলাপৰ কলি
সেই বাটতে
এটি সমীকৰণক কবৰ দিয়া বাটত
Doksiri দকচিৰি, আগষ্ট, ২০২৩
No comments:
Post a Comment