শিৱ-দৰ্শন
গাৰ্গী ভূঞা
যোৰহাটবাটৰ লগপোৱা প্ৰতিজন বিগ্ৰহতে মূৰ দোঁৱাই
মই শিৱৰ সন্ধান কৰি আহিছোঁ
সন্ধানৰত সুন্দৰৰ অভিষেকৰ বাবে
সুদূৰ গঙ্গালৈ বুলি বাটকুৰি বাইছোঁ
ব'ল বম...
তথাপি শিৱ-দৰ্শন হোৱা নাই
শিহৰণ উঠা নাই বুকুত
মোৰ ইষ্টৰ কৃপা এই অধমলৈ কেতিয়া বুলি
অনবৰত শিৱ স্তুতি কৰিছোঁ!
নিৰ্মাণৰত বাটৰ কাষত
এটি পাথৰত কোলাত উঠি
এটি শিশুয়ে শুহি আছিল
প্ৰকৃতিৰ শুকান স্তনযুগল
শিৱৰ নামৰ এলোটা গাখীৰ
মোৰ ভক্তিৰ দৰে শীতল
তাকে পাই শৈশৱৰ নিৰ্বোধ চকুযোৰীৰ পৰা ওলাই আহিছিল
দুধাৰি গঙ্গাজল
সেই সময়ত মোৰ বুকুত যি শিহৰণ উঠিল
সেয়াই সত্য আছিল
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment