মা
দীপ হেষ্টিংছ বৰি
ক্ৰন্দনৰ
এটি চিঞৰে
মচি পেলায় তেওঁৰ আৰ্তনাদ
নৱজাতকৰ আগমনত চকুত ভাঁহি উঠে
সপোনৰ পৃথিৱীখন
আধাপেটীয়াকৈ খাইও থাকিব পাৰে
এৰি থাকিব নোৱাৰে এপলক দূৰত
আপোন সন্তানক
সন্তানৰ সুৰক্ষাত তেওঁ বাঘিনী !
সন্তানৰ দুখত তেওঁ
পৃথিৱীৰ আটাইতকৈ দুখী মানুহজনী
নাৰীৰ সৰ্বোত্তম ত্যাগ
সৰ্বোৎকৃষ্ট চেনেহেৰে
তেওঁ আমাৰ মা
যাৰ ওঁঠত লাগি থাকে এটি বুল
প্ৰেৰণা
যাৰ আঁচলত উৰি থাকে
মমতাৰ বা….
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment