অলপ আগতে ‘শ’ হ’ল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

অলপ আগতে ‘শ’ হ’ল

 


অলপ আগতে ‘শ’ হ’ল 

নৱনীতা ডেকা


আজিৰ পৰা এসপ্তাহ আগতে যে

বজাৰত  লগ পাইছিল মানুহজনীক

হাঁহি হাঁহি আপোনাৰ লগত 

ঘৰৰ কথা পাতিছিল

তেখেত আজি কেইঘণ্টামান 

আগতে  ‘শ’ হ’ল 


ঘৰৰ ভিতৰে বাহিৰে

মানুহৰ ভিৰ

এতিয়া তেওঁৰ ‘শ’ চাবলৈ 


এইয়া চোতালত এপদ এপদকৈ

মৰমৰ মানুহজনে ওলাই দিছে

তেখেতৰ পত্নীৰ হাতৰ চাব থকা

ফণীখনৰ পৰা কাপোৰ কেইযোৰলৈ

সকলোবোৰ

আনকি প্ৰেচাৰৰ টেবলেত কেইটাও 


নেৰাখে তেওঁ প্ৰিয় পত্নীৰ

একো চিন

আজি তেওঁৰ বুকুখন ফাটিছে

কোনো শব্দ নোহোৱাকৈ

অথচ তেওঁ অস্হিৰ প্ৰিয় পত্নীৰ বিয়োগত

তথাপি তেওঁ হ’ব বিচাৰিছে

স্হিত প্ৰজ্ঞ 


এইখিনিয়ে সেই সময়

যেতিয়াই হৃ্দযন্ত্ৰৰ উঠা নমাই 

নিৰ্ধাৰণ কৰে 

‘শ’  আৰু জীয়াই থকাৰ পাৰ্থক্য 


সেয়ে কোনোবাই আগবঢ়াই দিয়া

সেন্দুৰৰ টেমাতোৰ পৰা তেখেতে

দীঘল চুলিকোচাৰে ফলা সেওঁতাত

আঁকি দিলে জোৰোণত দিয়া সেন্দুৰীয়া ৰেঘা

পাৰ্থক্য মাথোঁ সিদিনাৰ কইনাজনী

সাজু হৈছে 

ধোঁৱা হৈ উৰিব আপডালবোৰ এৰি

সপোন বিহীন জগতখনলৈ 


মানুহ হোৱাৰ পৰা ‘শ’ হ’বলৈ

ইমানে সহজ নে 

উশাহৰ ব্যৱধানত মৰমবোৰ চিঙা

যোৱাজনৰ বাবে ইমানেই সহজ নে

পাকঘৰতোৰ পৰাই সকলোৰে

খবৰ ৰখা  মানুহজনীৰ 

নোহোৱা হ’ব তিনিদিন হ’ল

পিছে টোপোলাবোৰ আহিছে

তেওঁৰে নামত 

তেওঁ নথকা সত্ত্বেও

মৃতক হোৱা বাবে 


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages