আপোনাৰ বুকুত এখন নদী আছে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

আপোনাৰ বুকুত এখন নদী আছে

 


আপোনাৰ বুকুত এখন নদী আছে

ত্ৰিৰঞ্জন টাইড


মহাশয়

আপোনাৰ বুকুৰ উপত্যকাত এখন নদী আছে

আপোনাৰ বুকুৰ আৱেষ্টনীত এখন সাগৰো আছে ,

তাতে বৰষুণৰ চহৰ বিচাৰি মাছবোৰে জপিয়াই থাকে

মাছবোৰে ক'মাই থাকে।


মহোদয়

আৰু শুনক

আপোনাৰ বুকুৰ উপত্যকাত আৰু এখন মহাসাগৰো আছে

তাতে আপোনাৰ আশাবোৰ পালতৰা নাওমেলি ঢৌ খেলি থাকে 

আৰু 

অহংকাৰবোৰ জোৱাৰ-ভাটা হৈ বুকু ফুলাই থাকে


পিছে

আপোনাক বৰ বেছিযেন দেখিলে

অজ্ঞাতে/ আপোনাক পাৰত পেলাই থৈ গুচি আহে।


হেঃ মহোদয়, 

গুৰুত্বপূৰ্ণ কথা আৰু শুনক


এই যে-

আপোনাৰ হৃদয়ত এখন শীতসম্বলিত মৰুদ্যানো আছে অৰণ্যও আছে

তাতে সুখৰ ঘাঁ‌হনি বিচাৰি দিনে নিশাই ঘুৰি ফুৰে প্ৰেমৰ এজাক হৰিণা 

তাতে সুখৰ পতঙ্গ বিচাৰি দিনে-নিশাই উৰি ফুৰে শান্তিৰ এজাক পখী


বতৰ ভাল হ'লে

চৰাইবোৰ আনন্দত কিৰিলি পাৰি হাঁ‌হি থাকে

বতৰ বেয়া হ'লে

দুখৰ দেউকা মেলি তিতি বুৰি থাকে।


মহাশয়

আপুনি জানেনে ?

আপোনাৰ বুকুৰ বন্দৰত এখন বৃহৎ অট্ৰালিকাও আছে

তাতে ৰোমে ৰোমে ভাগে ভাগে বসবাস কৰি থাকে

আপোনাৰ আৰু মোৰ কামনাৰ পৰিয়াল

বাসনাৰ পৰিয়াল বৰ্ণময় পৰিয়াল।


সংযত হওঁ‌ক

মহাশয়

আপোনাৰ বুকুত এখন নদী আছে

আপোনাৰ বুকুত এখন সাগৰো আছে

তাতে বৰষুণৰ চহৰ বিচাৰি মাছবোৰ জপিয়াই থাকে

মাছবোৰ ক'মাই থাকে।


Doksiri দকচিৰি, আগষ্ট, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages