হে অগ্ৰজ তোমাক প্ৰণাম
ইলামণি শইকীয়া
সকলো আৰম্ভণিৰে এক সমাপ্তি থাকে৷
সকলো সমাপ্ত হোৱাৰ পাছতো
আৰম্ভ হয় নতুনকৈ কিবা এটা...
ক্ৰমশঃ আপোনাৰ চকুৰে দূৰৰ বস্তু নমনা হৈ আহিছে৷
কিন্তু আপোনাৰ দৃষ্টিশক্তি বাঢ়িছে, সলনি হৈছে পথিৱীক চোৱাৰ দৃষ্টিভংগী৷
আপুনি পৃথিৱীখন সজালে পৰালে,প্ৰাণ দিলে৷
আমি নিৰ্ভয়ে তাত জীৱন প্ৰেমৰ গীত জুৰিলো৷
আবেলি বেলিৰ হেঙুলীয়া ৰহনে
পুৱাৰ এটা সম্ভাৱনাৰ সুৰুযৰ কথা সদম্ভে ঘোষণা কৰি যায়৷
শুকান পাতৰো থাকে এক বৰ্ণিল অতীত
এক অভিজাত ভৱিষ্যত৷
আপুনি অংগুষ্ঠ
আপোনাৰ হেঁচুকণিত
আগবাঢ়ি যায় উভতিব খোজা দুভৰি৷
আপোনাৰ আদেশত কঁপি উঠে
অবাটে যোৱা ন পুৰুষৰ কঠিন বুকু৷
হে’ মোৰ নতুন পৃথিৱীৰ আদিতম পথিকৃত
পথৰ কাইঁটে তোমাৰ দুভৰি চিৰিলা চিৰিলকৈ ফালিল বাবেই
আমি সুচল পথ এটাৰে আগবাঢ়ি গ’লো৷
হে মোৰ প্ৰাণৰ অগ্ৰজ
তোমাক অন্তৰৰ গভীৰতম প্ৰণাম৷৷৷
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment