কিনো হ'ল পাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

কিনো হ'ল পাই

 


কিনো হ'ল পাই

যতীন মিলি


কিনো হ'ল পাই


চিতাৰ জুইকুৰা

মানুহৰ হৃদয়ৰ চোতালে-চোতালে জ্বলি থকা হ'ল


টেবুলৰ তলে অনীতিৰ জাল পাতি নীলা শিয়ালবোৰ নোদোকা হ'ল 


লাজৰ ওৰণিখন কনেঙৰ উঠন বুকুৰ পৰা খহি পৰি

হাত-ভৰি মোছা কাপোৰ হ'ল 


দ্বিধা-সংকোচৰ প্ৰাচীৰ ভাঙি শোৱনি-কোঠাৰ গোপন কথাবোৰো মুখৰোচক বিজ্ঞাপন হ'ল


এতিয়া আপুনিয়েই কওঁক ডাঙৰীয়া

উলংগ দেশত ধোবাৰ কি কাম..!!


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages