ভেকুলী
সঞ্জীৱ সাগৰ চৌধুৰী
কাষৰ ঘৰটো দাওদাওকৈ জ্বলি আছে
কিছুমানে দেখা পোৱা নাই
কিছুমানে ভাৱিছে আতচ-বাজি কৰিছে
কিছুমানে কৈছে চিতা জ্বলিছে
আমি চিঞৰিছোঁ পানী মাৰোঁ আহ
আহ পানী মাৰোঁ
ঘৰ জ্বলিছে ঘৰ
নহ'লে জুইৰ জিভাই চেলেকিব আমাৰো ঘৰ
গিলিব তহঁতৰো বাৰী
জুইৰ শিখাই নিচিনে কোন আপোন কোন পৰ
অথচ আগবাঢ়ি অহা নাই সিহঁতো
আগবাঢ়ি যোৱা নাই আমিও
অথচ কুকুহাই চানিছে আকাশ
ক'লা কৰিছে চোতাল
অথচ আমি সকলো ৰৈ আছোঁ
এজাক বৰষুণৰ অপেক্ষাত এতিয়াও
এজাক ভেকুলীৰ দৰে
আওৰাই আওৰাই সেই পদ্য
"বোপা ককাৰ সজটো আমিনো এৰিম কিয়"...
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment