বন্দীত্ব আৱেগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, September 1, 2023

বন্দীত্ব আৱেগ

 


বন্দীত্ব আৱেগ


                        ৱাহিদ আহমেদ

                           কাটাৰ, ডোহা


এখন হৃদয়ৰ যুদ্ধ

আন এখন হৃদয়ৰ বাবে

হৃদয়খনে নীৰৱে নিস্তব্ধতাৰে

যুদ্ধ কৰি গৈছে

যুদ্ধৰ কাৰণ কি ?

যুদ্ধ হৈছে হৃদয়খনক পোৱাৰ আশাৰে

হৃদয়খনক নিজৰ মাজত

প্ৰতি পল অনুপলে

চুই চোৱাৰ হেঁপাহ

আৰু সেই হৃদয়খনৰ মাজত নিজকে

বিলীন কৰি জীৱনৰ উপভোগ কৰাৰ


হৃদয়ৰ যুদ্ধখনত তেজেৰে ৰাঙলী হোৱা নাই

কোনো যুদ্ধক্ষেত্ৰ

অথবা বন্দুকৰ গুলীৰে থকাসৰকা কৰা নাই,

ইয়াত প্ৰেমৰ শব্দবোৰে

ৰাতি ৰাতি শিপাইছে হিয়াৰ মাজলৈ

শেতেলিত সৰি পৰিছে অজস্ৰ চকুলো

সেই চকুলো বন্দুকৰ গুলীতকৈও তপত

ইয়াত আছে আত্মবিশ্বাস

ইয়াত আছে সহনশীলতা

ধৈৰ্য্য আৰু সাহস

এজনে আনজনৰ প্ৰতি দিয়া

সন্মান, আত্মসন্মান

ভৰি আছে মুক্ত মনৰ অলেখ সপোন


হৃদয়ৰ যুদ্ধত হৰা জিকাৰ প্ৰশ্নটো যদিও আহে

কিন্তুু হৃদয়খনে হৰা জিকাৰ বাবে যুদ্ধ কৰা নাই

যুদ্ধ কৰিছিল অনুভৱবোৰ

আনখন হৃদয়ৰ মাজত

মৰমেৰে  বিলাই দিবলৈ...

যুদ্ধ কৰিছিল এচেৰেঙা পোহৰ বিলাবলৈ

যুদ্ধ কৰিছিল কাষত থাকি

মনৰ কথা পাতিবলৈ

যুদ্ধ কৰিছিল অসহনীয় ইতিহাসবোৰ

এবাৰ ফঁহিয়াই চাবলৈ,

যুদ্ধ কৰিছিল অন্তৰৰ কোমল পৰশবোৰ

তোমাৰ হিয়াৰ মাজত ছটিয়াই দিবলৈ

জীৱনৰ দুখ, সংঘাতবোৰৰ সমভাগী হৈ

অলপ নীৰৱতাৰে জিৰণি লবলৈ

তোমাৰ বুকুৰ মাজত এপাহ

গোলাপ হৈ ফুলি থাকিবলৈ...


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages