পকা বেলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, September 1, 2023

পকা বেলি

 


পকা বেলি

ৰূপজ্যোতি হাজৰিকা দত্ত


কিমান  ৰং ঘঁহিলে ৰঙা হৈ উঠিব পাৰি পকা বেলি এটাৰ দৰে 

পকা বেলি এটা কপালত আঁকি  

ক'ত তিৰোতাই লুকুৱাই ৰাখে 

শীতৰ অসুখ


তিৰোতাবোৰে

ঘাম চেচাঁ আচলত মুঠি মাৰি বান্ধি থয় 

চেঁচা নক্ষত্ৰবোৰ,

কোনোদিনে

বেলি হ'ব নোৱাৰা


পকা বেলি এটাৰ দৰে হ'বলৈ ক'ত মানুহে ৰং ঘহিছিল

ৰঙৰ প্ৰয়োভৰত হেৰাই গৈছিল

নিজে গঢ়া আপোন মুখ 


কোন কাহানিবাই দেৱতায়ো ৰং ঘঁহিছিল

লুকুৱাইছিল এলান্ধু লগা প্ৰাচীন মুখ

একেবোৰ ৰং

মচিব নাজানি শকুন্তলাই কান্দিছিল


আচলতে

তগবগীয়া বেলিএকোটা বুকুত

ঘৰ পাতিবলৈ

সহস্ৰ বাৰিষাতো 

আমি চাই থাকিম ডাৱৰ ধুসৰ দিনবোৰ।


ৰঙাকৈ বেলি এটা

শোকৰ ডাৱৰ ফালি আথে বেথে

নামি আহিব পদুলিৰ নঙলাখুলি।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages