অমূল্য সম্পদ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 30, 2023

অমূল্য সম্পদ



 অমূল্য সম্পদ


দীপ্তি ঠাকুৰ গোস্বামী



    গেটখন খুলি ধীৰ-স্থিৰ খোজেৰে এজন যুৱক। ভদ্র- অমায়িক যুৱক সোমাই আহিল। ম‍ই তেওঁক চিনি পোৱা নাই যদিও তেওঁক দেখাৰ লগে লগেই মোৰ মনৰ মাজত এনে এখন চিত্রই দোলা দি গ'ল। তেওঁ যেন মোৰ বহু দিনৰ চিনাকি। ঔৎসুক্যৰ অন্তত মই গম পালোঁ তেওঁ কোন। এগৰাকী শিক্ষয়িত্ৰী আৰু মাতৃ হিচাপে মোৰ হিয়া ভৰি পৰিল। অধ্যয়নে যে মানুহক ক'ৰপৰা ক'লৈ লৈ যাব পাৰে। যিমানেই আমি যান্ত্রিক পৃথিৱীত খোজ নিদিওঁ আচল শিক্ষা পাবলৈ কিতাপ অধ্যয়ন কৰিবই লাগিব।


আজি প্রায় পাঁচ বছৰৰ আগৰ কাহিনী। মোৰ মানসপটত আজিও সেই মিঠা স্মৃতিয়ে আমনি কৰে। মানুহে কিমান কষ্ট, নিয়মানুবর্তিতা আৰু শৃংখলাৱদ্ধতাৰ জীৱন অতিবাহিত কৰিলে এনে এটা সুন্দৰ জীৱনে ৰিঙিয়াই মাতিব। শিক্ষাৰ জখলাত উঠি জ্ঞানৰ বন্তিগছিৰ প্রোজ্জ্বল ৰূপ দিয়া সহজ কথা নহয়। কিছুমান পিতৃ-মাতৃৰ নিজৰ আনুষ্ঠানিক শিক্ষা নাথাকিলেও এটা সৎ সন্তান সৃষ্টি কৰিবলৈ তেওঁলোক কিমান জ্ঞানী হ'ব লাগিব। এটা কথ্য সত্য অকল পাঠ্যপুথিৰ জ্ঞানেই মানুহক জ্ঞানী নকৰে। যিসকল পিতৃ-মাতৃয়ে এটা সু-সন্তান সৃষ্টি কৰে সঁচাকৈয়ে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ।


হয়, মনত পৰিছে যুৱকজনৰ তেতিয়া চাৰি-পাঁচ বছৰ মানহে হ'ব দেউতাকৰ লগত ঠেলা গাড়ীখনত দেওবাৰে দেওবাৰে আমাৰ ফালে ভঙা টিং, খবৰ কাগজ, প্লাষ্টিকৰ বটল ক্ৰয় কৰিবলৈ আহে। সোণা নামৰ তাৰ মৰমলগা ল'ৰাটোক ঠেলাখনৰ ভিতৰত প্লাষ্টিকৰ টুল এখনত বহুৱাই আনে। কিন্তু এটা কথা দেখি মই বৰ আনন্দিত হৈছিলোঁ যে সেই কণমানি শিশুটোৰ হাতত এখন কিতাপ থাকেই। বৰ মনোযোগেৰে সেই কিতাপখন পঢ়া মই স্বচক্ষুৰে দেখিছোঁ। দহ বছৰমান সেই দৃশ্য ম‍ই দেখিছিলোঁ; যিহেতু দেওবাৰে দেওবাৰে পুতেকক লৈ আমাৰফালে আহেই বস্তু বিচাৰি। কিন্তু পিচত তেওঁলোকক নেদেখা হ'লোঁ— ক'ত গ'ল একো গমকে নাপালোঁ। সময়ৰ সোঁতত মোৰো মনৰ মাজৰপৰা হেৰাই গ'ল।


যোৱাৰ আগতে এদিন মোক কৈছিল— বাইদেউ, ভঙা এম্বেচাদৰ এখন কিনিছোঁ। সেইখন বিক্ৰী কৰি দহ হাজাৰ্মান টকা গোটাব পাৰিলে ম‍ই এই কামটোৰপৰা বিদায় ল'ম আৰু সৰুকৈ পাণ-তামোলৰ দোকান এখন খুলিম বুলি ভাবিছোঁ। দাদা আৰু বৌ কাকপথাৰত থাকে সিহঁতে সদায়ে গাঁৱৰ ঘৰলৈ মাতি আছে। ল'ৰাটোও ডাঙৰ হৈ আহিছে খাবলৈ বেছি টকাৰ প্ৰয়োজন নহ'লেও তাৰ কিতাপ বহী, পঢ়াৰ লাগতিয়াল সামগ্ৰী কিনিবলৈ মোক যথেষ্ট টকাৰ প্ৰয়োজন হৈছে। সি শ্ৰেণীকোঠাত প্রথম হোৱাৰ উপৰিও তাৰ পঢ়াত বৰ ইচ্ছা। সেয়েহে যেনে- তেনে তাক এজন বিদ্বান লোক কৰিম বুলি ম‍ই প্রতিজ্ঞাবদ্ধ । ভগৱানে সহায় কৰিলেই হ'ব আৰু। অধ্যয়নৰ ফল খুবেই মিঠা। এখন সঁচা ছবি মোৰ চকুৰ আগত সোনা নামৰ যুৱকজন। সেই অচিনাকি যুৱকজনে মোক সেৱা কৰাৰ পিচত তাৰ পৰিচয় দাঙি ধৰিলে। সৰুতে আপোনালোকৰ ঘৰলৈ মই দেউতাৰ লগত আহিছিলোঁ। যদিও ম‍ই সৰু হৈ থকাৰ বাবেই বহু কথা বুজি পোৱা নাছিলোঁ। আপোনাৰ লগত মৰমৰ এনাজৰীৰে দেউতা আৰু মই বান্ধ খাই আছিলোঁ। সেয়েহে কেইদিনমানৰপৰা আপোনালৈ বৰকৈ মনত পৰি আছিল। মনতে ভাবিলোঁ তিনিচুকীয়াত কাম এটা আছে কামটো কৰি আপোনাক লগ ধৰি যাম।


বৰ্তমান গৱেষণাৰ কাম সমাপ্ত কৰি কলেজ এখনত অধ্যাপনা কৰি আছোঁ। কিন্তু দুমাহৰ পিচত আমেৰিকালৈ যাম উচ্চ শিক্ষাৰ কাৰণে। ঘূৰি অহা হ'বনে নহয় ভগৱানেহে যানে। সেয়েহে আপোনাক দেখা কৰিবলৈ আহিলোঁ। মনতে ভাবিলোঁ এনে সন্তান ঈশ্বৰৰ দান।


তাৰ মৰম লগা কথাকেইটাই মোক মুগ্ধ কৰিলে। পঢ়ৰ লগে লগে ব্যৱহাৰৰ সকলো জ্ঞান যেন আয়ত্ত কৰিলে। মই তাক মৰমেৰে আকোৱালি ল'লোঁ দুগালে দুধাৰি চকুলো বৈ গ'ল আনন্দৰ। সি মোক তাৰ ঘৰখনৰ কথা ক'লে। দেউতাই মোক সুখ্যাতিৰে জ্ঞানৰ জখলাডালত উঠিবলৈ সহায় কৰি দিলে কিন্তু তাৰ বিনিময়ত ম‍ই তেওঁক একোৱেই শুশ্রূষা কৰিব নোৱাৰিলোঁ। তেওঁ মোক অকলশৰীয়া কৰি পৃথিৱীৰপৰা আঁতৰি গুছি গ'ল। এনে লাগে তেওঁ যেন আকাশৰ এটা তৰা হৈ জিলিকি আছে। যিজন পিতৃয়ে মাতৃৰ অবিহনে মোক ডাঙৰ-দীঘল কৰিছিল মাতৃ-পিতৃৰ দুয়োজনৰেই দায়িত্ব কৰ্তব্য কৰি আৰু মোক মৰমেৰে বান্ধি ৰাখিছিল সেইজন পিতৃয়ে মোৰ হৃদয়ত এজন ভগৱানৰ স্থান লৈ আছে। কথাখিনি কৈ কৈ তাৰ দুখৰ চকুলো বৈ গ'ল। চিন্তাৰ তৰংগমালাৰ মাজত মনতে ভাবিলোঁ এটা সু-সন্তান পিতৃ-মাতৃৰ লগতে সমাজৰ বাবেও মূল্যৱান সম্পদ।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages