মা-দেউতাৰ আশীৰ্বাদ
হাফিজুল খান
বৰপেটা
ৰাতিপুৱা দেউতাক কাম কৰি থকা দেখিছোঁ। দেউতাৰ গাটো বেছি ভাল নহয় শৰীৰত অলপ অলপ জ্বৰ আছে। মই চাইকেল লৈ কলেজত আহিলোঁ। কলেজত দুটা পিৰিয়ড কৰাৰ পিছত টুন টুন কৈ মোবাইলটো বাজি উঠিল। সেইদিনা মোবাইলৰ টুন টুনৰ শব্দটো বেলেগকৈ বাজিছিল। শব্দ শুনি মোৰ বুকুত দপদপনি উঠিছিল। পকেটৰ পৰা মোবাইল ওলাই দেখিলোঁ দেউতাৰ ফোন। হেʼল্লো দেউতাই মই ক্লাছত আছোঁ অলপ পিছত কল কৰি আছোঁ। হাফিজুল মই তৰ মা কৈছোঁ। ও মা কোৱা? মা ফিকুৰি ফিকুৰি কান্দিছে, তোমাৰ কি হৈছে মা? কান্দিছা কিয় মা? তৰ দেউতাৰ গাটো বেছি ভাল নহয় সোনকালে ঘৰত অহা। মাৰ কথা শুনি মোৰ বুকুৰ দপদপনি বেছি হ'ল। আজি মোৰ জীৱনৰ আটাইতকৈ মূল্যবান বস্তু হেৰুৱাই পেলাম। নিজৰাৰ পানীৰ দৰে চকুৰ পানী পৰিব ধৰিল। শিক্ষকে সুধিলে কি হৈছে তোমাৰ? হঠাৎ চকুত পানী আহিছে? ছাৰ মোৰ দেউতাৰ গা বেছি ভাল নহয় ঘৰত যাব লাগিব ছাৰ,ঠিক আছে যোৱা তুমি। বেগখন লৈ খৰ-ধৰ কৈ ওলালো।
দেউতা দেউতা তোমাৰ কি হৈছে? তুমি বিহীন মোৰ জীৱন আধৰুৱা দেউতা মোক অকলশৰীয়াকৈ থৈ নাযাবা। মা মা দেউতাৰ কি হৈছিল? তৰ দেউতা কাম কৰি থাকোঁতে মোক ক'লে অলপ পানী দিয়া মোৰ গাটো বেছি ভাল নহয়। এই কথা কৈ অলপ পানী খায় লাহেকৈ মাটিত শুই দিলে। তেতিয়াৰ পৰা এটা শব্দ ওলোৱা নাই। দেউতা আমাৰ লগত কথা কোৱা দেউতা....। তুমি বিহীন মই অকলশৰীয়া দেউতা। আমাৰ লগত কথা কোৱা দেউতা......।
ভক্তৰ মোৰ দেউতাৰ কি হৈছে চাওকচোন। তোমাৰ দেউতাৰ কি হৈছিল? নাৰ্চ তেওঁক ভিতৰত লৈ যাওক। ছাৰ দেউতা কাম কৰি থাকোঁতে হঠাৎ পানী খুজিলে পানী খায় লাহেকৈ মাটিত শুই দিলে তাৰ পিছত মুখৰ পৰা এটা শব্দ ওলোৱা নাই আৰু হাত ভৰি লৰ-চৰ কৰা বন্ধ হৈছে। ৰʼবা মই চাই কৈ আছোঁ তুমি বাহিৰত বহি থকা। মা মোক সান্তনা দিয়ে তুমি চিন্তা নকৰিবা তোমাৰ দেউতা ভাল হ'ব একো হোৱা নাই। ছাৰ মোৰ দেউতাৰ কি খবৰ? তোমাৰ দেউতাৰ অপাৰেশ্যন কৰিব লাগিব। লিভাৰত দুটা ফুট হৈছে তাৰ বাবে অপাৰেশ্যন কৰি লিভাৰ নতুনকৈ লগাব লাগিব। আগতে এনেকৈ বাগৰি পৰিছিল নেকি? ছাৰ দুবছৰ ধৰি অলপ অলপ পেটৰ বিষ আমি ইমান গুৰুত্ব দিয়া নাই। ঔষধ খালে কিছু দিন ভাল যায় আকৌ আৰম্ভ হয় পেটৰ বিষ। ছাৰ অপাৰেশ্যন কৰোঁতে কিমান টকাৰ প্ৰয়োজন ছাৰ? তোমাৰ দেউতাৰ লিভাৰ নতুনকৈ লগাব লাগিব তাৰ বাবে ১০০০০০ টকা লাগিব। ছাৰ আমি দুখীয়া ইমান টকা ক'ত পাম। মই দুঃখিত পইচা নিদিলে একো কৰিব নোৱাৰিম। এটা কাম কৰিব পৰিবা মই ঔষধ দি দিও খোৱাই থাকিবা কিন্তু এক বছৰ পিছত অপাৰেশ্যন কৰিব লাগিব নহ'লে জীয়াই থকা অসম্ভৱ।
মা মই আজিৰ পৰা কলেজত নাযাও টকা উপাৰ্জন কৰি দেউতাৰ অপাৰেশ্যন কৰিম। ইফালে ধান খেতি পানীয়ে খালে চাউল ও নাই বেছি দিন নাযায়। তই কলেজত যোৱা বাদ নিদিবি এক বছৰ ও নাই বি.এচ ছি পাছ কৰিবি। এতিয়া মই অলপ সুস্থ হৈছোঁ মোৰ বাবে তোমাৰ জীৱন উছন কৰিব নালাগে। টিউছনৰ ছাত্ৰ-ছাত্ৰী অলপ বেছিকে লয় আৰু মই কাম কৰি সংসাৰ চলাই নিব পাৰিম। চৰকাৰিৰ কিবা চাকৰি আহিলে অনলাইন কৰিবা যদি আল্লাহই তোমাৰ মুখৰ ফালে চাই। ঠিক আছে আমাৰ বাবে আশীৰ্বাদ কৰিবা দেউতা মই চাকৰি পালে অপাৰেশ্যন কৰিব পাৰিম।
যিমানখিনি টকা আছিল লাহে লাহে শেষ হ'ব ধৰিছে আৰু দেউতাই অসুস্থ হ'ব ধৰিছে। মই পিন্ধা কাপোৰযোৰ চিঙি গ'ল আৰু তিনিযোৰ আছে এযোৰ কলেজৰ। সপ্তাহত দুদিন কলেজত আৰু চাৰিদিন বেলেগৰ ঘৰত কাম কৰোঁ।গধূলি দুই গ্ৰুপ টিউছন আৰু ৰাতি ১২ বজালৈ কলেজৰ পঢ়া আৰু ৰাতিপুৱা ইন্টাৰভিউৰ বাবে দৌৰ পাৰোঁ। এনেকৈ টোপনি বিহীন জীৱন পাৰ কৰি আছোঁ।
হঠাৎ পৰীক্ষাৰ জাননী দিলে কলেজৰ পৰীক্ষাৰ দুদিন পিছতে ইন্টাৰভিউ। লাহে লাহে পৰীক্ষা কাষ চাপিছে মোৰ চিন্তা বাঢ়িছে। কিন্তু মা-দেউতাই সদায় নামাজ পৰি মোৰ বাবে দোৱা কৰে। পৰীক্ষাৰ এক সপ্তাহ আগতে হঠাৎ পানী লগা জ্বৰ তিনিদিন পাৰ হৈ গ'ল। দেউতাৰ অপাৰেশ্যনৰ সময় ও লাহে লাহে কাষ চাপিছে। ইমান টকা ক'ত পাম,কি কৰোঁ নকৰোঁ ভালকৈ পঢ়িব নোৱাৰোঁ। মা মোক আশীৰ্বাদ দি ক'লে আল্লাই তোমাক পাছ কৰি দিব মোৰ আশীৰ্বাদ থাকিল। মই মাৰ আশীৰ্বাদ লৈ কলেজৰ পৰীক্ষা দিলোঁ। পৰীক্ষাৰ মাজত ভালকৈ দৌৰব পৰা নাই। ইন্টাৰভিউৰ দিবলৈ যাম হাতত পইচা নাই বেলেগৰ পৰা দাৰ কৰি ইন্টাৰভিউ দিব ওলালোঁ। মোৰ এটি অভ্যাস আছিল ঘৰৰ পৰা অন্য ঠাইত যাবলৈ মই মা-দেউতাৰ ভৰি চুই আশীৰ্বাদ লৈ যাও।
দুই মাহ পিছত কলেজৰ পৰীক্ষাৰ ৰিজাল্ট আহিল মই প্ৰথম স্থান পাই পাছ কৰিলোঁ। এক সপ্তাহ পিছত ইন্টাৰভিউৰ ৰিজাল্ট আহিল মই পাছ কৰিলোঁ আৰু মোৰ চাকৰি হ'ল। কিছু দিন পিছত দেউতাৰ অপাৰেশ্যন কৰিলোঁ। মই যিমান সুখী অনুভৱ কৰিছোঁ তাতকৈ বহুত বেছি মা-দেউতা সুখী হৈছে। যদি তুমি সৎ বাবে জীৱনৰ লগত সংগ্ৰাম কৰা তাৰ ফল সৎ পাবা। "পৃথিৱীৰ সকলো মিছা হ'ব পাৰে কিন্তু মা-দেউতাৰ আশীৰ্বাদ আৰু মৰম কেতিয়াও মিছা নহয়"।


No comments:
Post a Comment