শিল
নৱ কাশ্যপ
ৰাস্তা, জান-জুৰি, পাহাৰ, ৰেলআলি
সকলোতে থাকে শিল
মোৰ বুকুতো থাকে
বলে নোৱাৰা এচটা গধুৰ শিল
শিলৰো আছে
এক বুৰজঞ্জীমূলক কাহিনী
শিলৰো থাকে চকু
বুকুত থাকে ঈশ্বৰ
শিলবোৰৰো থাকে নাম আৰু পৰিচয়
শিলে পিন্ধে ডিঙিত মালা
কপালত লয় সেন্দুৰ
ভৈয়ামত থকা শিলত হয় পূজা অৰ্চনা
জান-জুৰিত থকা শিলৰ
বুকুত থাকে দুখৰ শেলুৱৈ
শিলে গোপনে পুহি ৰাখে
আকাশ চোৱাৰ বাসনা
শিলৰ কেতিয়াও মৃত্যু নাই
যি দৰে মৃত্যু নাই
পৃথিৱীৰ ঈশ্বৰৰ।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment