দুজন পলৰীয়া আৰু কিছু গদ্য
প্ৰজ্ঞাপাৰমিতা বৰুৱা
কাৰ্বি আংলং
দুজন পলৰীয়া পলাই আহি মুখামুখি হ'ল।
এখন সুবিমল অৰণ্যৰ মুখত বহি দুয়ো কথা পাতিলে,
পলৰীয়াৰ পৰিচয় বুলি একো কথা নাই!
এজনে ক'লে---
মই পলাই আহিছোঁ মোৰ অতীতৰ পৰা
যি অতীতত আছিল মোৰ হাত ভৰি বন্ধা।
অৰ্ধমূৰ্চিত চকুত মোৰ আধা ভঙা টোপনি এটা পুহিবলৈ অনুমতি দিয়া হৈছিল।
মোৰ কেতেকী কণ্ঠত গাপ দিয়া হৈছিল
এলান্ধু তৰপীয়া কিছু সাঁথৰ।
নদীৰ পাৰত বহি কেৱল গৰাখহনীয়া চোৱাৰ বাবে মোৰ চকুৱে পাইছিল এক ৰুদ্ধ-মুক্তি সাময়িক...
মই দেখিলোঁ অৰণ্যৰ সেউজীয়া
বৰ পলমকৈ
শুনিলোঁ চৰাইৰ জুনুকা সৰা মাত
বৰ পলমকৈ...
এতিয়াও মোক মোৰ অতীতে খেদি ফুৰে...
মই নিজকে লুকুৱাবলৈ নিজাকৈ এখন অৰণ্য গঢ় দিব পৰা নাই,
মই পলাতক।
এটা হুমুনিয়াহ পেলাই হাতৰ তলুৱা ফুকি ফুকি
আনজনে ক'লে...
মই মোৰ বৰ্তমানৰ পৰা উধাও হ'ব খোজোঁ।
এই বৰ্তমানে মোক নিঃসঙ্গ কৰিছে,
বাট-অবাট একাকাৰ কৰিছে,
মই ৰৈ থাকিব নোৱাৰি কেৱল গৈ আছোঁ।
থাউনি হেৰুৱাই পিছলি পৰিছোঁ,
এই বৰ্তমানে মোৰ প্ৰিয় যন্ত্রণাবোৰৰ পৰা আঁজুৰি আনিছে মোক।
চমকাচমক পোহৰে মোক অন্ধ কৰে, মই একো নেদেখোঁ।
নেদেখোঁ পদূলিৰ গধূলিগোপাল, তৰাৰ আকাশ,ৰূপকথাৰ চোঁতাল, নিচুকনি গীতৰ হামিবোৰ নেদেখোঁ।
মই পলাই ফুৰিছোঁ এই বৰ্তমানৰ পৰা।
ময়ো পলাতক।
ক্ষন্তেক ৰৈ ইজনে ক'লে...
তেন্তে আমি ক'ত জীয়াই থাকিম বন্ধু? ক'ত?
অতীত আমাৰ অপ্ৰিয়,বৰ্তমান অসহজ,
ভৱিষ্যৎ এক আস্থাহীন সত্য!
ক'ত আমি লুকাওঁ?ক'ত উশাহ লওঁ? ক'ত টোপনি যাওঁ? ক'ত হেৰাওঁ? ক'ত গান গাওঁ? ক'ত মেলি দিওঁ দৃষ্টি?
দুদণ্ড সময় দুজনে মুঠিয়াই ল'লে...
তেতিয়া বৰ্তমানৰ পলাতকজনে ক'লে---
আহা এই অৰণ্যৰ আন্ধাৰতে আমি নিগাজী হওঁ...
সলাই লওঁ চকু,সলাই লওঁ দৃষ্টি
সলাওঁ ওঁঠ, সলাওঁ চুমা,
সলাওঁ বুকু,সলাওঁ বিষ
সলাওঁ হাত,সলাওঁ স্পৰ্শ
সলাওঁ জিভা,সলাওঁ মাত...
প্ৰাপ্ত হওঁ হৃত আত্মসংগমৰ অক্ষুন্ন বুনিয়াদ
তুমি মই হোৱা, মই তুমি হওঁ
নিখোঁজ হওঁ নিজত, আমি পলৰীয়া।
বিঃদ্ৰঃ কোনো নেহেৰায় । নিজৰ মাজত কঢ়িয়াই ফুৰে নিজক। অথচ আমি পলাতক।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment