আজিৰ সমাজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 30, 2023

আজিৰ সমাজ


 

আজিৰ সমাজ


চিন্ময় নাথ

মানিকপুৰ, বঙাইগাঁও


     খন গাঁওৰ এজন লৰা আছিল আৰু তাৰ নাম বিতোপন  সি দুখীয়া  ঘৰৰ লৰা কিন্তু তাৰ স্বভাৱ, আচাৰ - ব্যৱহাৰ ভাল নাছিল। দিনে নিশাই কেৱল সি নিচা যুক্ত দ্ৰব্যতেই থাকে। আৰু এদিনাখন এজনী ছোৱালীক সি প্ৰেমৰ প্ৰস্তাব দিলে কিন্তু ছোৱালীজনীয়ে তাৰ প্ৰস্তাৱত মান্তি নহল। আৰু সি খঙতেই অৰ্থাৎ এদিনাখন ছোৱালীজনীৰ ঘৰলৈ গৈ মাক দেউতাকৰ সন্মুখত  বিয়াৰ প্ৰস্তাব দিয়ে। কিন্তু ছোৱালীজনীৰ মাক দেউতাকে মান্তি নহল আৰু তাক কলে যে, 'ছোৱালীজনীৰ বয়স নিচেই কম আৰু তাই বৰ্তমান পঢ়ি আছে। উপযুক্ত বয়স হ'লেহে আমি বিয়াৰ কথা চিন্তা কৰিম'।  আৰু তাৰ এইবোৰ কথা শুনি ছোৱালীজনীৰ মাক দেউতাক বেয়া ব্যৱহাৰ কৰি গুচি আহে।  আকৌ এদিনাখন ছোৱালীজনীয়ে তাইৰ বান্ধৱী ৰিজুৰ সৈতে কলেজৰ পৰা ঘৰলৈ আহি থকাত চহৰৰ মাজ মজিয়াতেই বিতুপন নামৰ লৰাজনে বাট আগুৰি ধৰে আৰু পুনৰ প্ৰেমৰ প্ৰস্তাৱ দিয়ে কিন্তু তথাপি তাই মান্তি নোহোৱাত খঙতেই ছোৱালীজনীক দাৰে ঘপিয়াই হত্যা কৰি সেই স্থানৰ পৰা পলায়ন কৰে বিতুপন নামৰ লৰাটোৱে। আৰু বৰ দৃশ্য দেখি তাইৰ বান্ধৱী ৰিজুৱে চিঞৰিবলৈ ধৰাত ওচৰৰ মানুহবোৰ আহি জুম বান্ধিল হয় কিন্তু কোনো এগৰাকী ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব ক'ত ভিডিঅ  প্ৰস্তুত কৰাতহে ব্যস্ত হৈ পৰিল আৰু যাৰ ফলত ছোৱালীজনীয়ে মৃত্যুক আকোঁৱালি ললে।


   (আজিৰ সমাজত এনেবোৰ ঘটনা প্ৰায়ে দেখিবলৈ পোৱা যায় অৱশ্যে সকলো ব্যক্তিয়ে তেনেকুৱা নহয়। আৰু সেইবাবে এই কাহিনীটো লিখিবলৈ চেষ্টা কৰিছোঁ, নাযানোঁ কিমান সত্য আৰু অসত্য ঘটনা প্ৰকাশ কৰিলোঁ। কিন্তু সকলোবোৰ সত্য বুলি মোৰ মনে কয়।)


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages