বৈধব্য
ৰিজু মণি বৰা
নগাঁও
সকলোবোৰ শেষ হৈ যোৱাৰ পিছতো
তাই জী আছে!
এক বিৰামহীন যাত্ৰাৰে
আগবাঢ়ি গৈ আছে...
নাই সংগী জীৱনবাটৰ
একা বেকা বাটেৰে
খোজ দিঁওতে,
খলা -বমা বাটত
কিমান বাৰ উজুটি খাইছে
তথাপিও, নিজকে চম্ভালি
নিজে আগবাঢ়িছে।
অকালতে প্ৰিয়জনক হেৰুৱাই
বৈধব্যৰ পোছাক গাত মেৰিয়াই
ওকা কপালেৰে আগবাঢ়ি গৈছে
জীৱন বাটত!
চকুৰ চকুলো চকুতে শুকুৱাই
বেদনাৰ নৈখন বুকুতে বোৱাই
তথাপিও তাই আড়ষ্ট হোৱা নাই।
অকলে যুঁজিছে
অকলে কান্দিছে
অকলেই আশাৰ পাণচৈ গঢ়িছে
নিৰবে ,নিৰলে সপোনৰ ডেউকা মেলিছে
তথাপিও তাই আগবাঢ়ি গৈ আছে
জীৱন বাটত!!
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment