কৈয়ে দিলো - ভালপাওঁ তোমাক
সুশান্ত বৰুৱা
গোলাঘাট
কিয়নো সুধিছা
মোৰ মনত কিহৰ ধুমুহা
কেনেকৈ কওঁ
এতিয়া তুমিয়ে বৰদৈচিলা !
চেৰেকীত এনেচা পাকলগা সূতা
উঘা কেনেকৈ ল'বা
আঁত বিছাৰোতে মাত হেৰালে
যন্ত্ৰনাৰ বিষো এতিয়া মিঠা
সাৰে আছো দুপৰ নিশাও
কেতেকীৰ মাত শুনিছো
খিড়িকীৰ আইনাত তোমাক আঁকিছো
জোৰদাৰ অণুশীলন
নোকোৱাকে থকা কথাষাৰি কোৱাৰ
আৰু শেষত বোবা হৈছো
খঙত জোনটোও আঁতৰি যায়
মোৰ হৃদয়ৰ সৰু টিলাটো কেতিয়া দখল কৰিলা
কেতিয়া ঘৰ সাজিলা গমকে নাপালো
পাৰা যদি ম্যাদী কৰি লোৱা
একচনীয়া পট্টা ভৰসাহীন
চলিবপাৰে উচ্চেদ অভিযান
আৰু বুকুত কঢ়িয়াই নুফুৰো মেটমৰা বোজা
কৈয়ে দিলো - ভালপাওঁ তোমাক
তুমি ভাল পোাৱাই বা নোপোৱা......
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৩


No comments:
Post a Comment