পানী সাঁকোৰে বগাই আহিবি এদিন
ৰূপা গগৈ
তই ভাল নেপাৱ বাবেই
বেছিকৈ ভালপাই পেলাইছোঁ তোক
তই আঁতৰি গৈছ বাবেই
আলফুলে বুকুৰ মাজত ভৰাই থৈছোঁ তোক।
ৰহ পানী সাঁকো এডাল বান্ধি আছোঁ
তোৰ পৰা মোলৈ
মোৰ পৰা তোলৈ
অহা-যোৱা এটি সুগম বাট।
যিমানে যাবি আঁতৰি
সিমানে আনিব টানি
যিমানেই পাহৰিব খুজিবি
সিমানেই দেখিবি মোৰ ছবি
পানী সাঁকোৰে বগাই আহিবি এদিন
বাটচ'ৰাত ৰৈ থাকিম
তোক চৰণ ধুৱাই আদৰিবলৈ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment