শেষ সিদ্ধান্ত
নবীন চন্দ্ৰ মেধি
গোলাঘাট
গোটেই নিশাটো শংকৰে অসহ্য যন্ত্ৰণাত চতফটাই থাকিল । ইফালে বিদ্যুতৰ লুকাভাকু । মোবাইল ফোন অন কৰি চাই সি দেখিলে পোহৰ হ'বলৈ আৰু বেছি পৰ নাই । পিছনিশা চাৰে তিনি বাজিছিল । সি আৰু শুই নাথাকিল । এপাকত সি উঠি আহি চকীখন হাতত লৈ চোতাল পালেহি।
সকলোফালে নিৰৱ হৈ আছিল। একমাত্ৰ সি শুৱ পৰা নাছিল। ভৱিষ্যতৰ চিন্তাই তাৰ নিদ্ৰা হৰণ কৰিছিল। বিয়াল্লিছৰ দেওনা পাৰ হৈ গ'ল অথচ সি যেন বিশেষ ভাৱে একো এটা কৰিব নোৱাৰিলে। ওঠৰ বছৰে এখন অপ্ৰাদেশিকৃত বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছতো যেতিয়া চৰকাৰী দৰমহাৰ মুখ দেখা নাপালে তেতিয়া শংকৰে বিদ্যালয় এৰাৰ সিদ্ধান্ত লয়। আৰ্থিক দূৰৱস্থাৰ বাবেই অতদিনে সি ভালদৰে পৰিয়ালটোৰ ভৰণ পোষণৰ ব্যৱস্থা কৰিব পৰা নাছিল। তাৰ লগৰ বহুতে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল। ডাঙৰ ডাঙৰ অট্টালিকা সদৃশ ঘৰ নিৰ্মাণ কৰিলে আৰু গাড়ী মটৰ লৈ এতিয়া আঢ্যৱন্ত ভদ্ৰলোক হিচাপে সমাজত আগস্থান পাবলৈ সক্ষম হৈছে। তাক এতিয়া গাঁৱখনৰ মানুহে অচিনাকী কোনো ব্যক্তিৰ দৰে চাই থকা দেখা পালে তাৰ মূৰটো আচন্দ্ৰাই কৰে।
শিক্ষকতা জীৱনৰ প্ৰতি তাৰ মোহ লাহে লাহে কমি আহিবলৈ ধৰিছিল। ওঠৰ বছৰে শিক্ষকতা কৰিও দুবেলা দুমুঠি ধাৰ কৰি খাব লগা হৈছে। পিন্ধিবলৈ এযোৰ ভাল কাপোৰ নাই। এযোৰ ভাল জোতা কিনিবলৈ ভাবিব লগা হয়। এটাই মাথো বনিয়ন তাকো ফিচিকি উৱলি গৈছে। গা ধুই সলাবলৈ দ্বিতীয় এযোৰ সাজ নাই। ইফালে পৰিবাৰৰ খেচখেচনি। ল'ৰা ছোৱালী দুটাৰ আমুক নাই, তামোক নাই। পৰিবাৰলৈ চাব নোৱাৰা অৱস্থা। ফিচিকি উৱলি যোৱা মেখেলা চাদৰ, ব্লাউজ পেটিকোট পিন্ধি ঘৰৰ কামবোৰ কৰাৰ উপৰিও মাজে মাজে মাকৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে নতুবা কৰবালৈ যাওঁতে নিজৰ মন মৰহী যায়। কি পাপৰ ফলত এইখন পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল যাৰ ফল ভোগ কৰিব লগা হৈছে। ইমান যন্ত্ৰণা সহ্য কৰিব লগা হৈছে সঁচাই জীৱনৰ প্ৰতি মোহ নাইকীয়া হৈ গৈছে।
চিন্তা কৰি কৰি তাৰ স্বাস্থ্য দিনক দিনে দুৰ্বল হৈ পৰিবলৈ আৰম্ভ কৰিছিল। বিপদত সহায় কৰিবলৈ আপোন বুলিবলৈ কোনো নাই। সুদিনত বন্ধু বান্ধৱী মিতিৰ কুতুম সকলো আপোন। এটাক এৰি আনটো যেন থাকিব নোৱাৰে।
সঁচাকৈ তাক সংস্থাপন এটাৰ অতি প্ৰয়োজন। কিন্তু দিব কোনে ? চৰকাৰী পক্ষৰ হেমাহিত চাকৰিটোও নহ'ল। বন্ধুবৰ্গৰ পৰাও সহায় আশা কৰিব নোৱাৰি। অৱশেষত ভাগৰুৱা দেহটোৰ ভৰ সহ্য কৰিব নোৱাৰি এই পৃথিৱীৰ পৰা বিদায় লোৱাৰ চিন্তা তাৰ মনলৈ সঘনে অহা-যোৱা কৰিব ধৰিলে। কিন্তু পৰিয়ালটোৰ আলৈ আথানিৰ কথা চিন্তা কৰি তেনে কৰ্মৰ পৰা বিৰত থাকে। হয় গুৱাহাটী নহয় ৰঙামাটি। গতিকে সি পৰিয়াল পৰিজনৰ পৰা আঁতৰত থকাৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰিলে। হয় সি দেশান্তৰী হ'ব।


No comments:
Post a Comment