গান ভাল পোৱা মানুহৰ ছবি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 30, 2023

গান ভাল পোৱা মানুহৰ ছবি

 


গান ভাল পোৱা মানুহৰ ছবি


প্ৰণামী হাজৰিকা শইকীয়া

গোলাঘাট


অনেক ছবি গান ভালপোৱা মানুহৰ

গান এটাত ডুবি কিমান জনে বা আগুৱাই গৈ থাকিব পাৰে

অথচ গান ভাল পাবলৈ মানুহজন ধনী বা দুখীয়া হ'ব নালাগে

হ'ব লাগে তেওঁ মনৰ চহকী।


বতাহজাকৰ সৈতে এইমাত্ৰ গান এটাই আগুৱাই যোৱা দেখিলো।

কৰবাত হয়তো শাৰদীয় সপোন ভাহিছে

চাইকেলৰ পেদেল পকাই গান ভালপোৱা মানুহজন গৈ আছে

জীৱনক ভালপাব জনা এজন সৰল মানুহ ।


হ'ব পাৰে তেওঁ খেতিয়ক অথবা মজদুৰ

গানৰ ৰাগীৰে

সকলোতকৈ ধুনীয়া ছবিখন তেওঁ মনেৰে দেখে।

কেতিয়াবা উছাহতে গায়ো দিয়ে

"ৰমেন নাথ এজন সুখী লোক।সুখী লোক।"


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages